NORTHEAST NOW (Assamese)
অসম

পঞ্জাৱৰ পিছত এইবাৰ ছট্টিশগড়ত কংগ্ৰেছত গৃহ কন্দল!১৫ জনতকৈ অধিক বিধায়কে সাক্ষাৎ কৰিলে ৰাহুল গান্ধীক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 30, 2021 5:45 pm

দেশৰ তিনি খন ৰাজ্যত এতিয়া কংগ্ৰেছৰ চৰকাৰ।

কিন্তু তিনিও খন ৰাজ্যতে কংগ্ৰেছত চলিছে গৃহ কন্দল।

শেহতীয়াকৈ পঞ্জাৱত কংগ্ৰেছ গৃহ কন্দলত বিধ্বস্তপ্ৰায় হোৱাৰ পিছত এইবাৰ ছট্টিশগড়তো কংগ্ৰেছত সংকটে দেখা দিছে।

ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু ৰাজ্য খনৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেওৰ মাজত চলি থকা দীৰ্ঘ দিনীয়া সংঘাতে যেন এতিয়া বিস্ফোৰণমুখী হৈ পৰিছে।

সেইবাবেই আজি ছট্টিশগড়ৰ কমেও ১৫ গৰাকী বিধায়কে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে।

বিধায়কসকলে ৰাহুল গান্ধীৰ সৈতে কি কথা পাতিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও এই সাক্ষাতৰ আঁৰত যে মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিবাদ জৰিত হৈ আছে সেয়া অনুমান কৰা হৈছে।

ছট্টিশগড়ত কংগ্ৰেছে চৰকাৰ গঠনৰ পূৰ্বে এই চুক্তিত উপনীত হৈছিল যে পাঁচবছৰীয়া কাৰ্যকালত ভূপেশ বাঘেলাই ৰাজ্য খনত আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰীৰ চকীত অধিষ্ঠিত হৈ থাকিব আৰু বাকী আঢ়ৈ বছৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী টি এছ সিং দেও মুখ্যমন্ত্ৰী হ’ব।

কিন্তু ভূপেশ বাঘেলাই তেওঁৰ মুখ্যমন্ত্ৰীৰ চকী খন এৰি দিয়াৰ নামেই নোলোৱাত এতিয়া স্বাস্থ্যমন্ত্ৰীৰ সৈতে সংঘাত তীব্ৰতৰ হৈ পৰিছে। এনে পৰিস্থিতিত ছট্টিশগড়তো কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হৈ পৰাৰ আশংকা বৃদ্ধি পাইছে।