NORTHEAST NOW (Assamese)

মণিপুৰত অব্যাহত আছে অশান্তি; দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ

June 22, 2023 2:07 pm · এন ই নাও নিউজ, নতুন দিল্লী

মণিপুৰত এতিয়াও মেইটেই জনগোষ্ঠী আৰু কুকিকে ধৰি অন্যান্য জনজাতীয় গোষ্ঠীৰ মাজত সংঘৰ্ষৰ উত্তেজনা অব্যাহত আছে।

বুধবাৰেও জিলাখনত গুলীচালনা আৰু বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অশান্ত মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে।

অহা শনিবাৰে বিয়লি ৩ বজাত দিল্লীত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

ডেৰ মাহৰো অধিক সময় ধৰি গোষ্ঠীগত সংঘাতত উত্তপ্ত হৈ আছে উত্তৰ-পূবৰ ৰাজ্যখন। অমিত শ্বাহ যোৱা মাহত মণিপুৰ ভ্ৰমণ কৰিছিল। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে তেওঁ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাতো কৰিছিল। কিন্তু তথাপিও ৰাজ্যখনত অশান্তি অব্যাহত আছে।

মণিপুৰত দুয়োটা গোটৰ মাজত সংঘৰ্ষত ১১৫ জন লোকৰ মৃত্যু হৈছে আৰু ৪০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।

Related News