NORTHEAST NOW (Assamese)
Popular Stories

মহিলাৰ অন্তৰ্বাসক লৈ অমিতাভ বচনৰ পুৰণি টুইট ভাইৰেল, নেটিজেনৰ কটুক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 27, 2023 6:56 pm
মহিলাৰ অন্তৰ্বাসক লৈ অমিতাভ বচনৰ পুৰণি টুইট ভাইৰেল, নেটিজেনৰ কটুক্তি

সামাজিক মাধ্যমত সদায় সক্ৰিয় হৈ থাকে বিগ বি অমিতাভ বচ্চন। সামাজিক মাধ্যমত নতুন প্ৰজন্মৰ বহু তাৰকা বিচাৰি পোৱা নাযায় যদিও এইগৰাকী প্ৰবীণ অভিনেতাই দীৰ্ঘদিন ধৰি ফেচবুক আৰু টুইটাৰত নিয়মীয়াকৈ পোষ্ট কৰি আহিছে। 

বিগ বিৰ কেইবছৰমান পুৰণি টুইট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। আপাত দৃষ্টিত সেই টুইটত অমিতাভে মহিলাৰ অন্তৰ্বাস সম্পৰ্কে মন্তব্য কৰিছিল।

সেই টুইটত অমিতাভ বচ্চনে লিখিছিল, “ইংৰাজীত ‘ব্ৰা’ একবচন আৰু ‘পেন্টি’ বহুবচন কিয়?” এই টুইটটো ২০১০ চনত অমিতাভে কৰিছিল। 

সেই সময়ত এই পোষ্টটোক লৈ নেটিজেনসকলৰ মাজত বিভাজনৰ সৃষ্টি হৈছিল। এতিয়া সেই টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে। সেই টুইটটোৰ ওপৰত বহুতে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অমিতাভ বচ্চনৰ ‘ব্ৰা’ আৰু ‘পেণ্টী’ক লৈ কৰা পুৰণি টুইটটোও বহুতে শ্বেয়াৰ কৰিছে। কোনো কোনোৱে এই টুইটটোক বিশুদ্ধভাৱে হাস্যকৰ বুলি ভাবে যদিও আন বহুতে মন্তব্য কৰিছিল যে এজন প্ৰবীণ অভিনেতা হিচাপে এনে ৰুচিহীন পোষ্ট। 

এজন নেটিজেনে লিখিছে, “বচ্চন চাহাবে কেবিচিৰ পৰৱৰ্তী ছিজনত এই প্ৰশ্নটো সোধক।” 

আন এজনে লিখিছে, “আপোনাৰ পৰা এনে মন্তব্য আশা কৰা নাছিলো।”