NORTHEAST NOW (Assamese)
অসম

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 19, 2021 8:31 am
950658-740749-amou-haji

বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি? এনেধৰণৰ খিতাপ পোৱা বা দিয়াৰ কোনো খৱৰ শুনা নাযায়। কিন্তু এইবাৰ এনেকুৱা এজন আজৱ ব্যক্তিৰেই সন্ধান পোৱা গ’ল।

ইৰাণৰ এগৰাকী বৃদ্ধ আমৌ হাজীক বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তি হিচাপে অভিহিত কৰা হৈছে। ৮৩বছৰীয়া বৃদ্ধগৰাকীৰ হিচাপ মতেই বিগত ৬৫বছৰ ধৰি তেওঁ গা ধুৱা নাই।

তেওঁ জানিবলৈ দিয়া মতে পানীলৈ তেওঁৰ বৰ ভয়। সেয়েহে ছটা দশক ধৰি তেওঁ গা ধুৱা নাই। তেওঁৰ ধাৰণা যে গা ধুলেই তেওঁ অসুস্থ হৈ পৰিব।

ইৰাণৰ মৰু অঞ্চলত অকলেই বাস কৰে আমৌ হাজী। এতিয়াও জীৱনৰ সন্ধানত দিন কটাইছে হাজীয়ে।

বনৰীয়া এন্দুৰৰ পচা মাংস খাই ভাল পায় তেওঁ। আমিষ খাদ্য তেওঁৰ পছন্দৰ যদিও ঘৰত ৰন্ধা ব্যঞ্জনত তেওঁৰ ৰুচি নাই।

ঘৰ বুলি ক’বলৈ তেওঁৰ একো নাই। গাঁওৰ বাহিৰত মাটিৰ তলত কোনো গাঁত এটাতেই তেওঁ বাস কৰে। গাঁওৰ লোকসকলে হাজীক এটা খেৰৰ ঘৰ সজাই দিছিল যদিও সেইটো তেওঁৰ পছন্দ নহ’ল।

বৃদ্ধ আমৌ হাজীৰ দাবী যে নিজকে লেতেৰা কৰি ৰাখিয়েই তেওঁ দীৰ্ঘজীৱী হৈছে।

আচৰিত কথাটো হ’ল, ইমান লেতেৰাকৈ থকাৰ পাছতো তেওঁৰ শৰীৰত কোনো সংক্ৰমণ নাই। প্ৰতিদিনে এটা জীৰ্ণ তেলৰ পাত্ৰৰে ৫লিটাৰ পানী খায় হাজীয়ে।

ছিগাৰেটৰ প্ৰতিও আসক্তি আছে তেওঁৰ। এইক্ষেত্ৰত তেওঁ একপ্ৰকাৰ অভিলেখো গঢ়িছে। গাঁওবাসীয়ে দিয়া ছিগাৰেট শেষ হৈ গ’লে জন্তুৰ শুকান বৰ্জনীয় পদাৰ্থকে জ্বলাই হুপে হাজীয়ে।

সংসাৰৰ সকলো সুখ পৰিহাৰ কৰি বাচি লোৱা এই জীৱনক লৈয়েই সুখী আমৌ হাজী। গাঁওবাসীৰ মতে কম বয়সতে আবেগপ্ৰৱণ হৈ পৰাৰ পাছত আমৌ হাজীয়ে এনে এটা জীৱন কটোৱাৰ সিদ্ধান্ত লৈছিল।