NORTHEAST NOW (Assamese)
Popular Stories

হাতত পাওৰুটি আৰু বাটাৰ লৈ অনন্ত আৰু ৰাধিকাক শুভেচ্ছা জনালে আমূলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2024 4:33 pm

মুকেশ আম্বানী তনয়ৰ বিবাহ উদ্‌যাপন কৰিছে দেশৰ আগশাৰীৰ দুগ্ধজাত সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আমূলে। ৰঅনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পাছত আমুলৰ তৰফৰ পৰা শুভেচ্ছা জনোৱা হৈছে। এক্স হেণ্ডেলত থকা তেওঁলোকৰ পেজত অমুলে নৱবিবাহিত দুগৰাকীৰ কাৰ্টুন আঁকি লিখিছিল, ‘যুগ যুগ জিঅ’ আশীৰ্বাদেৰে শুভেচ্ছা জনায়।

ছবিখনত অনন্ত আৰু ৰাধিকাই দৰা-কইনাৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। যোৱা পাঁচ মাহ ধৰি তেওঁলোকৰ বিবাহৰ বাবে উদযাপন চলি আছে। কালি সন্ধিয়াৰ পৰা মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত বিপুল খৰচৰবিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। শ্বাহৰুখ খানৰ পৰা জনচিনা, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা ঐশ্বৰ্য ৰায়কে ধৰি বহু কেইজন উপস্থিত থাকে। হলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি বলীউডৰ নায়ক-নায়িকালৈকে মুম্বাইৰ অনুষ্ঠানটোত সন্মিলিত হয়।অনুষ্ঠানত ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনো উপস্থিত থাকে। ডিজাইনাৰ আবু জানি সন্দীপ খোছলাৰ লেহেংগা কইনা ৰাধিকাই পৰিধান কৰে। পাছত ৰাধিকাই বিদায় অনুষ্ঠানৰ বাবে মনীষ মালহোত্ৰাৰ ডিজাইনাৰ সাজ-পোছাক পৰিধান কৰে। বিশেষকৈ ৰাধিকাৰ সাজ-পোছাকে গোটেই বিয়াখনতে দৃষ্টি আকৰ্ষণ কৰিছিল।

আমুলৰ পোষ্টটোত নৱবিবাহিত দুগৰাকীয়ে আনন্দৰে বাটাৰৰ সৈতে পাওৰুটি খাই থকা দেখা গৈছে। আধা খোৱা আমুল মাখন লগোৱা ৰুটিখন ৰাধিকাই অনন্তৰাৰ ফালে আগবঢ়াই দিয়ে।এখন পাওৰুটি অনন্তৰ হাততো। ওপৰৰ কেপচনত লিখা আছে, Ambyaahni Wedding!’। এই কাৰ্টুনে নেটদুনিয়াৰ নেটিজেনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে।