NORTHEAST NOW (Assamese)
Popular Stories

তালিবানে নিদিয়ে পঢ়িবলৈ : ঘৰতে পৰীক্ষাগাৰ সাজি আই আই টিৰ পৰা ইঞ্জিনীয়াৰ হ’ল আফগানিস্তাৰ ছাত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2023 8:32 pm
তালিবানে নিদিয়ে পঢ়িবলৈ : ঘৰতে পৰীক্ষাগাৰ সাজি আই আই টিৰ পৰা ইঞ্জিনীয়াৰ হ’ল আফগানিস্তাৰ ছাত্ৰী

হাজাৰ বাধাৰ পিছতো নিজৰ একান্ত আগ্ৰহৰ বাবে আজি জিলিকি উঠিছে আফগানিস্তানৰ এগৰাকী ছাত্ৰী। তালিবানৰ ৰক্ষণশীলতা আৰু ক্ৰুৰতাৰ মাজতো নিজৰ শিক্ষাৰ বাট মোকলাই নিলে এইগৰাকী ছাত্ৰীয়ে।

আফগানিস্তানৰ ২৬ বছৰীয়া ছাত্ৰী বেহছিতা খাইৰুদ্দিন। আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিচতে বেহছিতাই কেমিকেল ইঞ্জিনীয়াৰিতত এমটেক কৰিবলৈ আই আই টি মাদ্ৰাজত নামভৰ্তি কৰিছিল। 

কিন্তু ঘৰৰ পৰা ভাৰতলৈ অহাত বাধাৰ সন্মুখীন হয় বেহছিতা। কাৰণ ইতিমধ্যেই তালিবানে অধিগ্ৰহণ কৰি লৈছিল আফগানিস্তানৰ শাসন ।  শাসনলৈ আহিয়েই আফগানিস্তানে মহিলাৰ ওপৰত আৰোপ কৰিছিল উচ্চ শিক্ষাৰ নিষেধাজ্ঞা। 

 

উপায়ান্তৰ হৈ বেহছিতাই নিজৰ ঘৰতে এটা পৰীক্ষাগাৰ স্থাপন কৰে আৰু গোপনে এমটেকৰ আটাইকেইটা ষাণ্মাসিকৰ পৰীক্ষা দি উত্তীৰ্ণ হয়। 

এইক্ষেত্ৰত আই আই টি মাদ্ৰাজ কতৃপক্ষয়ো ছাত্ৰীগৰাকীক সহযোগিতা আগবঢ়ায়। বেহছিতাৰ মতে এটা দিশেৰে বাধা পালেও অন্য এটা দিশেৰে ওলাই যোৱাৰ বাট মুকলি কৰিব পাৰি। এই নীতিকে অৱলম্বন কৰি ঘৰৰ পৰাই এমটেক উত্তীৰ্ণ হ’ল আফগানিস্তানৰ ছাত্ৰী বেহছিতা খাইৰুদ্দিন।