NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী সোণোৱালক গৰ্গ চেতাৰ্জীৰ ক্ষমাদান বিচাৰি আই এছ টিৰ সতীৰ্থ অধ্যাপকৰ আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 8:11 pm

বৰ অসমৰ খনিকৰ চ্যুকাফাক লৈ ছ’চিয়েল মিডিয়াত বিকৃত মন্তব্য কৰি অসমৰৰ জনসাধাৰণৰ ৰোষৰ সন্মুখিন হোৱা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যাপক গৰ্গ চেতাৰ্জীক  ক্ষমাদান কৰাৰ বাবে আহ্বান জনাইছে তেওঁৰ সতীৰ্থ অধ্যাপক সকলে।

এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৰ্গ চেতাৰ্জীক ক্ষমা কৰি এগৰাকী যুৱ বিজ্ঞানীৰ প্ৰতিভা অকালতে নষ্ট নোহোৱাত সহায় কৰাৰ বাবে আহ্বান জনায় চেতাৰ্জীৰ সতীৰ্থ অধ্যাপকসকলে।

প্ৰেছ বিবৃতিটোত গৰ্গ চেতাৰ্জীৰ সহকাৰী অধ্যাপক সকলে ছ’চিয়েল মিডিয়াত বিকৃত মন্তব্যৰে কোনো জাতি-জনগোষ্ঠী অথবা ধৰ্মৰ লোকক আঘাত দিয়া কথা কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে বুলিও লগতে উল্লেখ কৰে।

আনহাতে, গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে অসমৰ বহুসংখ্য আদালত আৰু আৰক্ষী থানাত ভালেসংখ্যক গোচৰ ৰুজু হৈ আছে যাৰফলত মানসিক আৰু শাৰীৰিকভাৱে গৰ্গ চেতাৰ্জী  ভাঙি পৰিছে বুলিও গৰ্গ চেতাৰ্জীৰ সতীৰ্থ সকলে বিবৃতিটোত উল্লেখ কৰে।

তদুপৰি, গৰ্গ চেতাৰ্জীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পিতৃ আৰু ৰুগীয়া মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গৰ্গ চেতাৰ্জীৰ ক্ষমা আবেদন গ্ৰহণ কৰিবলৈয়ো মুখ্য মন্ত্ৰী সোণোৱালক ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ গৰ্গ চেতাৰ্জীৰ সহকাৰী অধ্যাপক সকলে অনুৰোধ কৰে।