NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ এটা অঞ্চল পুনৰ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 30, 2020 6:35 pm
Two areas declared containment zone in Biswanath Chariali

কেইবাগৰাকী কোভিড-১৯ পজিটিভ ৰোগী পোৱাৰ পাছত আজি গুৱাহাটীৰ বেটকুছি অঞ্চলক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

অঞ্চলটোৰ উত্তৰে IOCL কেম্পাছ, দক্ষিণে সুশীল তামূলীৰ আবাসগৃহ, পূবে ব্ৰিজ মোহন দাসৰ বাসগৃহ আৰু পশ্চিমে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈকে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাক্ষৰিত জাননীত উল্লেখ কৰা হৈছে যে, ক’ৰ’না প্ৰতিৰোধৰ বাবে উক্ত এলেকাটো কন্টেইনমেন্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

কন্টেইনমেন্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত অঞ্চলটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জৰুৰী সেৱাসমূহ জিলা প্ৰশাসনে প্ৰদান কৰিব।

ইয়াৰ পূৰ্বে মহানগৰীৰ তৰুণ নগৰৰ দীনেশ ওজা পথ, নুনমাটি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ, ৰুক্মিণী নগৰ জিৰণী পথ, ফাঁচি বজাৰৰ আলুপট্টি দঁতালপাৰা আদি এলেকাত ইতিমধ্যে কনটেইনমেন্ট জ’ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে।

কিছুদিন পূৰ্বে কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, পাণবজাৰ ৰে’লৱে কলনি আৰু শান্তিপুৰ আশ্ৰম ৰোডৰ পৰা কন্টেইনমেন্ট জ’ন উঠাই লৈছিল কামৰূপ মহানগৰ জিলা প্ৰশাসনে।