NORTHEAST NOW (Assamese)
মনোৰঞ্জন

নৈ কথা আৰু নৈৰ কথা

Posted by: ৰিমলী বৰকটকী Updated by: ৰিমলী বৰকটকী May 14, 2026 7:30 pm

নৈ কথা — যোৱা বৰ্ষৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱা এই ছবিখনৰ পৰিচালনা কৰিছে ডঃ পংকজ বৰাই। নৈ কথাৰ কাহিনী, চিত্ৰনাট্যও লিখিছে ডঃ পংকজ বৰায়েই। নৈ কথাই ইতিমধ্যেই বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ মনোনয়ন লাভ কৰাৰ লগতেই অষ্টম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁ‌টা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বঁ‌টা ৰাজু ৰয়ে লাভ কৰে। লগতেই গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত নৰ্থ-ইষ্ট স্পটলাইট বঁ‌টা আৰু নৰ্থ-ইষ্ট ইণ্ডিয়া ফিল্ম ফেষ্টিভেলত (মণিপুৰত) শ্ৰেষ্ঠ সম্পাদনাৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখনে এই বৰ্ষৰ শেষৰ ফালে অসমৰ ছবিগৃহত মুক্তি লাভ কৰাৰ কথা।

ছবিৰ আৰম্ভণি হয় মুনিচুনি পুৱাৰ নৈসৰ্গিক দৃশ্যৰে। পথাৰৰ মাজৰ নদীত টিলৌৱে (তিলেশ্বৰ) জাল মাৰি থাকে। নৈৰ পাৰতেই টিলৌৰ ঘৰ। দুটি সন্তান আৰু পত্নী (বাসন্তী) সহ টিলৌৱে তাতেই বসবাস কৰে। নৈপৰীয়া মাছুৱৈ টিলৌ আৰু টিলৌৰ পৰিয়ালৰ গাঁ‌থা ‘নৈ কথা’। দৈনিক নৈত মাছ মাৰি, সেই মাছ বিক্ৰীৰে নিজৰ পেট প্ৰৱৰ্তোৱা টিলৌ আৰু টিলৌৰ পৰিয়ালটি কি কি উত্থান-পতনৰ মাজেৰে যায় তাৰেই এক জীয়া ছবি নৈ কথা। চিনেমাৰ কাহিনীভাগ অগতানুগতিক নহয়, কিন্তু কাহিনীৰ বৰ্ণন আৰু চিত্ৰায়ণ ইমানেই সুন্দৰ যে ১ ঘণ্টা ৪৩ মিনিটৰ সময় সামান্যও আমনি নালাগে। ছবিখনত একেধৰণৰ দৃশ্যাংশৰো অৱতাৰণা ঘটিছে যদিও প্ৰতিটো দৃশ্যতে নতুনত্ব আছে। একঘেয়ে মুঠেও নহয়।

নৈ কথাত মৎস্যজীৱী টিলৌৰ দাৰিদ্ৰ্যৰ ছবি খুব সুনিপুণ হাতেৰে দৰ্শাইছে পৰিচালক তথা কাহিনীকাৰে। খুবেই কৰুণ যদিও মাথোঁ এইখিনি দৃশ্যাংশৰ উপস্থাপনতেই নহয়, সমগ্ৰ চিনেমাখনতেই সামান্যও নাটকীয়তাৰ মেদ নাই। নৈ কথা চাই অনুভৱ নহয় যে পৰিচালক বৰাৰ এইখন প্ৰথম ছবি। বান আহে, খৰাং আহে, মাছৰ বিক্ৰীত সঠিক দাম নাপায় — আদি ভিন্ন সমস্যাই টিলৌক পিষ্ট কৰে। পিছে টিলৌৱে কিবা প্ৰকাৰে হ’লেও সমাধানৰ বাট বিচাৰি থাকে। ছবিখনৰ মুখ্য চৰিত্ৰ টিলৌ (ৰাজু ৰয়) ছবিখনৰ এক অতি শক্তিশালী অংশ। টিলৌ আৰু টিলৌৰ পৰিয়ালৰ সংগ্ৰামে কোন দিশে আগুৱায় সেই লৈয়েই ছবিৰ অন্তভাগ।

নৈ কথাৰ চিত্ৰ নিৰ্দেশনা আৰু চিত্ৰগ্ৰহণ কৰিছে চিদা বৰাই। চিদা বৰাৰ কাম উচ্চ প্ৰশংসনীয়। লগতেই উল্লেখনীয় সঞ্জীৱ গগৈৰ সম্পাদনাৰ দিশটো। আৱহ-সংগীতৰ প্ৰয়োগ সম্পূৰ্ণকৈ পৰিস্থিতিৰ লগত খাপ খোৱা। দেৱজিৎ গায়নৰ শব্দগ্ৰহণ আৰু শব্দ সংমিশ্ৰণৰ দিশটিও উল্লেখনীয়। অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব মুখ্য ভূমিকাত অভিনয় কৰা ৰাজু ৰয়ৰ কথা। ইমানেই সুন্দৰ তেওঁৰ অভিনয় যে আপুনিও চৰিত্ৰটোৰ সৈতে একাত্ম হৈ পৰিব। লগতেই বাসন্তীৰ চৰিত্ৰত অভিনয় কৰা মেঘালী কলিতাৰ অভিনয়ো প্ৰশংসনীয়। মাছুৱৈৰ দুখ-দুৰ্দশাৰ কাহিনীয়ে শোকাভিভূত কৰিবলৈ সক্ষম হ’ব দৰ্শকক। এক কথাত ক’বলৈ গ’লে চলচ্চিত্ৰীয় শিল্পক নিপুণভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱা ছবি ‘নৈ কথা’।