NORTHEAST NOW (Assamese)

অৰুণাচলত ভূমিকম্প: উত্তৰ-পূবত কিয় সঘনাই হৈছে ভূমিকম্প?

July 7, 2020 1:52 pm · এন ই নাও নিউজ

মঙলবাৰে পুৱাৰ ভাগত অৰুণাচল প্ৰদেশত ৩.৪ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই জোকাৰি গৈছে।

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰত কাহিলিপুৱাতে প্ৰায় ১.৩৩বজাত এই জোকাৰণি অনুভুত হয়।

ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই এই কথা প্ৰকাশ কৰিছে।

এতিয়ালৈকে ভূমিকম্পটোৰ ফলত কোনো ক্ষয় ক্ষতিৰ বাতৰি অহা নাই।

সৱিশেষ বাতৰিৰৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ মিজোৰামত যোৱা মাহৰ পৰা কেইবাটাও সৰু তথা মজলীয়া ভূমিকম্পৰ জোকাৰণি সংঘটিত হৈছিল।

উত্তৰ-পূৰ্বাঞ্চলত এইদৰে সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভুত হৈ অহালৈ চাই কোনো ব্যাপক প্ৰাকৃতিক পৰিঘটনাৰ ই ইংগিত বহন কৰিছে নেকি বুলিও বহুতে চৰ্চা কৰা দেখা গৈছে।

Related News