NORTHEAST NOW (Assamese)
অসম

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ June 25, 2026 2:58 pm

ভাৰতৰ ৰাজনীতি এতিয়া এনে পৰ্যায় পাইছে যে তাক আৰু ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান বা ইতিহাস অধ্যয়নৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা হৈ থকা নাই। তাক এতিয়া আমি কলা তত্ত্বৰ দ্বাৰাহে ব্যাখ্যা কৰিব লাগিব যেন পাইছোঁ। সাহিত্যত বিশেষকৈ উপন্যাসত মেজিক ৰিয়েলিজম (Magic Realism) মানে যাদুকৰী বাস্তৱতা বুলি ধাৰা এটা আছে। এই উপন্যাস ধাৰাটোৰ মূল মানুহজন হল গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ। তেওঁ নোবেল বঁটা লাভ কৰা বিখ্যাত উপন্যাসখন হ’ল ‘One Hundred Years of Solitude’। বৰ মনোৰম উপন্যাস। তেওঁ আকৌ প্ৰভাৱিত হৈছিল চেক-জাৰ্মান লেখক ফ্ৰাঞ্জ কাফকাৰ দ্বাৰা। কাফকাৰ বিখ্যাত উপন্যাসিকা ‘The Metamorphosis’ৰ কাহিনীটো অদ্ভুত। কাহিনীৰ নায়কৰ কি হয় তেওঁ এদিনৰ টোপনিৰ পৰা সাৰ পাই পুৱা দেখে যে তেওঁ নিজে এটা প্ৰকাণ্ড কীটলৈ ৰূপান্তৰিত হৈছে। এই উপন্যাসিকাখন পঢ়ি মাৰ্কেজে বিচুৰ্তি খাইছিল হায় ভগৱান, মানুহে এনে অদ্ভুত কথাও লিখিব পাৰে? তাৰ পিছত তেওঁ তেওঁৰ সৰ্বকালৰ শ্ৰেষ্ঠ উপন্যাস ‘One Hundred Years of Solitude’ এই ধাৰাটোতেই লিখিছিল। এই উপন্যাসখনত কি নঘটে সকলো ঘটে এগৰাকী মহিলা আকাশলৈ উৰা মাৰে, আকাশ মাৰ্গৰ পৰা পুষ্পবৃষ্টি হয়, গোটেই চহৰখনৰ মানুহৰ ইনচমনিয়া (Insomnia) মানে টোপনি নহা বেমাৰ হয়, আৰু সদ্যজাত শিশু এটাক ৰঙা পৰুৱাই খাই শেষ কৰে, কেৱল তাৰ চিনটোহে মাটিত দেখা পোৱা যায়। সকলো অদ্ভুত, আচৰিত।

ঠিক তেনেদৰে নাটকত পাওঁ আমি অদ্ভুত নাটক The Theatre of the Absurd। তাৰ জনক হল ছেমুৱেল বেকেট (Samuel Beckett) আৰু তেওঁৰ বিখ্যাত নাটকখন হল ‘Waiting for Godot’, যাৰ সাৰমৰ্ম হল এক অন্তহীন আৰু নিষ্ফল অপেক্ষা। আন এটা কলা তত্ত্ব হল চিত্ৰশিল্পত প্ৰাধান্য পোৱা Surrealism, যাক অসমীয়াত অধিবাস্তৱবাদ বুলি কব পাৰি। স্পেনিছ চিত্ৰকৰ ছালভাডৰ ডালি ইয়াৰ মূল প্ৰবক্তা আছিল। তেওঁৰ আটাইতকৈ বিখ্যাত ছবিখন হল ‘দ্য পাৰ্চিষ্টেন্স অৱ মেমৰি (The Persistence of Memory)। এক উকা, নিৰ্জন প্ৰাকৃতিক পটভূমিত গলিত অৱস্থাত থকা এটা পকেট ঘড়ী সেই ঘড়ীটোত সময় গলি গলি শেষ হৈ গৈছে।

এই আটাইবোৰতে আমি কি দেখোঁ? এক অবাস্তৱ, অবান্তৰ, যুক্তিহীন পৰিস্থিতি নহয়নে? মই কিয় এই কলা তত্ত্ব বা সাহিত্য তত্ত্ববোৰৰ পোহৰত বৰ্তমানৰ ৰাজনীতি বুজিবলৈ বা সেইবোৰৰ লগত বৰ্তমানৰ ৰাজনীতিৰ তুলনা কৰিব বিচাৰিছোঁ? এটা নিৰ্বাচন হৈ যোৱাৰ পিছত, তাৰ ফলাফল ওলোৱাৰ পিছত, মানে তাৰ দুবছৰৰ পিছত আপুনি তাৰ ফলাফল সলাই দিব পাৰিবনে? যোৱা লোকসভা নিৰ্বাচনত ২০২৪ চনত বিজেপি আৰু তেওঁলোকৰ মিত্ৰদলে কিমানখন আসন পাইছিল? আৰু এতিয়া বিজেপি মিত্ৰদলৰ আসনৰ সংখ্যা কিমান? মানে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দুবছৰ পিছত নিৰ্বাচন নপতাকৈ এটা ৰাজনৈতিক জোঁটৰ আসনৰ সংখ্যা বঢ়োৱা এই কলাটো আৰু এতিয়া তৃণমূল কংগ্ৰেছত আমি যি ভাওনা দেখি আছোঁ, তাক আপুনি মেজিক ৰিয়েলিজম, থিয়েটাৰ অৱ দ্য এবছাৰ্ড বা সুৰিয়েলিজমৰ লগত তুলনা নকৰি কাৰ লগত তুলনা কৰিব? ছোৱালীজনী যেনেকৈ আকাশলৈ উৰা মাৰে, কোন আহিব তাৰ আগ-গুৰি নজনাকৈ যেনেকৈ কাৰোবাৰ অপেক্ষাত অনন্তকাললৈ কোনোবা এজন ৰৈ থাকে বা ঘড়ীৰ সময় গলি গলি শেষ হয় এই আটাইবোৰ অদ্ভুত, অবাস্তৱ, যুক্তিহীন  নহয়নে? আমাৰ ৰাজনীতি এতিয়া ঠিক তেনে অদ্ভুত, অবাস্তৱ, যুক্তিহীন হৈ পৰা নাইনে? এই ৰাজনৈতিক চাৰ্কাছৰ ভাৱৰীয়াসকল, কাহিনীৰ বা নাটকৰ নায়কসকল হল বৰ্তমানৰ ৰাজনৈতিক শ্ৰেণীটো। এই নাটকখনৰ মুখ্য পৰিচালক হল মোদী, আৰু সহকাৰী পৰিচালক হল শ্বাহ আৰু ভাগৱত। বাকীবোৰ সকলো কেৱল ভাৱৰীয়াহে। মোদী-শ্বাহে ২০১৪ চনত দিল্লীৰ শাসনভাৰ পাই দেখিলে যে তেওঁলোকেচোন এতিয়া  যি মন যায় তাকে কৰিব পাৰে। তাৰ মানে ক্ষমতা যদি তেওঁলোকৰ হাতত থাকে, দেশৰ সম্পদো তেওঁলোকৰ। বাকী গণতন্ত্ৰ, সংবিধান এইবোৰ কি? একোটা শব্দহে! তাৰ অৰ্থ যেতিয়াই যি মন যায় তেনেকৈ সলাই লব পাৰি, তেনেকৈ ব্যৱহাৰ কৰিব পাৰি। ৰাজনৈতিক শ্ৰেণীটোৰ অন্তৰ্ভুক্ত মানুহবোৰৰ প্ৰায়ভাগৰে কিবা নীতি, আদৰ্শ বোলা কথা আছেনে? তেওঁলোক কিয় সাংসদ, বিধায়ক হয়? জনসাধাৰণৰ বাবে কাম কৰিবলৈ নহয়, নিজৰ ক্ষমতা আৰু সম্পদ বঢ়াবলৈহে। গতিকে মুষ্টিমেয় এচামৰ বাহিৰে ক্ষমতা আৰু ধনেই হৈছে তেওঁলোকৰ  মূল কথা। বিজেপিলৈ গলে যদি তেওঁলোকৰ ধন, সম্পদ আৰু ক্ষমতা অক্ষুণ্ণ থাকে, তেওঁলোক নিশ্চয় বিজেপিৰ লগতে থাকিব। গণতন্ত্ৰ, আইনৰ শাসন, সাংবিধানিক প্ৰমূল্য, দেশৰ অৰ্থনৈতিক অৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি সেইবোৰ গুলী মাৰক! বাকী ৰাজনৈতিক শ্ৰেণীটোৰ যিসকল এতিয়াও বিজেপিলৈ নোযোৱাকৈ আছে, তেওঁলোকৰ অৱস্থা কিং কৰ্তব্য বিমূঢ়। আৰু আমি উদাৰ গণতন্ত্ৰী যিসকল পেঞ্চন খোৱা মাজৰ মানুহ আছোঁ আমাৰ কাম হৈছে বিজেপিৰ কু-কৰ্মৰ আলোচনা কৰা আৰু ফৰৱাৰ্ড শ্বেয়াৰ কৰা, বিৰোধীক গালি পৰা; তাতেই আমাৰ কাম শেষ। কিন্তু ৰাস্তাত কোনে যুঁজ দি আছে? যিসকলৰ মাটি গৈছে, যাৰ কাৰখানা বন্ধ হৈ গৈছে, যিয়ে চাকৰি হেৰুৱাইছে, যিয়ে প্ৰশ্নকাকত ফাদিল হোৱা কাৰণে দুশ্চিন্তাত ভুগিবলগা হৈছে, যাৰ ঘৰ নচলা হৈছে তেওঁলোকে। ৰাজনৈতিক শ্ৰেণীটোৰ যিসকল এতিয়াও বিজেপিৰ ফলীয়া হোৱা নাই, তেওঁলোকে যদি ভাবি আছে তেওঁলোকে আগেয়ে কৰাৰ দৰে ৰাজনীতি কৰিব পাৰিব, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ঠিক তেনেদৰে পেঞ্চনভোগী উদাৰ গণতন্ত্ৰীসকলে যদি ভাবিছে যে কেৱল সামাজিক মাধ্যমত লেখামেলা কৰিয়েই তেওঁলোকে তেওঁলোকৰ দায়িত্ব সাৰিব, তেওঁলোকেও নিজকে আভুৱা ভাঁৰিছে। কিয়নো তেওঁলোকে যিটো কৰি আছে সেইটো বিকল্প প্ৰচাৰ মাধ্যমৰহে কাম। বিজেপি-আৰ এচ এচৰ পৰা দেশ ৰক্ষা কৰিবলৈ হলে আমি এক বৃহত্তৰ ঐক্য গঢ়ি তুলিব লাগিব আৰু আমি আমাৰ ৰণকৌশলৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। নহলে আমাৰ নিস্তাৰ নাই।