NORTHEAST NOW (Assamese)

উচ্চতম ন্যায়ালয়ৰ যুক্তিসংগত ৰায়ৰ বাবে অধিক জিলিকি উঠিব নেকি ৰাহুল গান্ধী?

August 8, 2023 6:51 pm · পৰেশ মালাকাৰ

ৰাহুল গান্ধীক তেওঁলোকে সংসদৰ পৰা কেনেকৈ বহিষ্কাৰ কৰিছিল আপোনালোক সকলোৱে জানে।ৰাহুল গান্ধীক সংসদৰ পৰা বহিষ্কাৰ কৰা আৰু তেওঁ পুনৰ সংসদৰ সদস্য হোৱা -ইয়াৰ ৰাজনৈতিক তাৎপৰ্য কি? ৰাহুল গান্ধীয়ে ২০১৯ চনত কৰ্ণাটকৰ নিৰ্বাচনী সভা এখনত কৈছিল -দেশ এৰি যোৱা সকলো চোৰৰ উপাধি কিয় মোদী? ৰাহুল গান্ধীৰ এই কথাষাৰে মোদী উপাধিৰ মানুহবোৰৰ সন্মান হানি কৰিছে বুলি গুজৰাটৰ বিজেপিৰ নেতা পূৰ্নেশ মোদীয়ে চূৰাটৰ নিম্ন আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানি গোচৰ তৰে। 

পূৰ্নেশ মোদীৰ উকীলে চূৰাট আদালতক কৈছিল যে যিমানবাৰ গোচৰটোৰ শুনানি হ’ব সিমানবাৰ ৰাহুল গান্ধীক সোঁশৰীৰে আদালতত হাজিৰ হ’বলৈ আদালতে নিৰ্দ্দেশ দিব লাগে। আদালতে সেই নিৰ্দ্দেশ নিদিয়া কাৰণে পূৰ্নেশ মোদী গুজৰাট উচ্চ ন্যায়ালৰ ওচৰ চাপে আৰু মোকৰ্দমাটোত এটা স্থগিতাদেশ বিচাৰে। উচ্চ ন্যায়ালয়ে তেওঁ বিচৰা ধৰণে স্থগিতাদেশ মঞ্জুৰ কৰে। যি গৰাকী বিচাৰকে প্ৰতিটো শুনানিতে ৰাহুল গান্ধী উপস্থিত থাকিব নালাগে বুলি কৈছিল, তেওঁৰ পদোন্নতি হোৱাৰ পিছত আৰু তেওঁ অন্য আদালতলৈ বদলি হৈ যোৱাৰ পিছত, পূৰ্নেশ মোদীয়ে পুনৰ মোকৰ্দমাটো চলাব লাগে বুলি গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন কৰে আৰু তেওঁৰ আবেদন মঞ্জুৰ কৰি উচ্চ ন্যায়ালয়ে আকৌ মোকৰ্দমাটো খুলি দিয়ে।

ইতিমধ্যে ২০২৩ চনৰ জানুৱাৰী মাহত আদানীৰ ব্যৱসায়িক লেনদেনৰ জালিয়াতিৰ কথা সদৰি কৰা হিন্দেনবাৰ্গ প্ৰতিবেদনে সমগ্ৰ বিশ্বতে এক আলোড়ণৰ সৃষ্টি কৰে। সেই বিষয়ে ৭ ফেব্ৰুৱাৰীৰ দিনা ৰাহুল গান্ধীয়ে সংসদত দিয়া ভাষণে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক বৰ বেকায়দাত পেলায়।তাৰ পিছতে চূৰাট আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰা গোচৰটো তীব্ৰ গতিত আগবাঢ়ে। চূৰাটৰ আদালতে ২৩ মাৰ্চৰ দিনা ৰাহুল গান্ধীক তেওঁৰ বিৰুদ্ধে তৰা মানহানি গোচৰত দোষী সাব্যস্ত কৰি তেওঁক দুবছৰ কাৰাদণ্ড বিহে। তাৰপিছত কি হ’ল? মোকৰ্দমা সত্ৰ আদালতলৈ গ’ল।সত্ৰ আদালতেও চূৰাট আদালতৰ ৰায় বাহাল ৰাখিলে। এইবাৰ মোকৰ্দমা আহি গুজৰাট উচ্চ ন্যায়ালয় পালেহি।গুজৰাট উচ্চ ন্যায়ালয়েও চূৰাট আদালতৰ ৰায়েই বাহাল ৰাখিলে।

বাহ কি ৰায়? কি সমন্বয়? এই ৰায়টোৰ ৰহস্য এইটোৱে যে ৰাহুল গান্ধীৰ শাস্তি যদি দুবছৰতকৈ এদিনো কম হ’লহেঁতেন তেওঁৰ সাংসদ পদ বাহাল থাকিলহেঁতেন। তেন্তে এই শাস্তিৰ উদ্দেশ্য কি? চলে বলে কৌশলে ৰাহুল গান্ধীক সংসদৰ পৰা বাহিৰত ৰখা আৰু আগন্তুক লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে যাতে প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা। মানহানি গোচৰৰ সৰ্বোচ্চ শাস্তি দুবছৰ। তাতকৈ বেছি শাস্তি হ’বই নোৱাৰে। কিন্তু, সাধাৰণতে কোনো বিচাৰকে সৰ্বোচ্চ শাস্তি নিদিয়ে।ঠিক আছে, চূৰাটৰ নিম্ন আদালতে বাৰু দুবছৰৰ কাৰাদণ্ড দিলেই, কিন্তু সত্ৰ আদালতে তাত কিয় কোনো হকা বাধা নকৰিলে? সত্ৰ আদালতে বাৰু একো নক’লে, নাই, কিন্তু গুজৰাট উচ্চ ন্যায়ালয়ে কিয় তাত কোনো হস্তক্ষেপ নকৰিলে? 

তাৰমানে কথা এইটোৱেই যে গুজৰাটৰ ন্যায়পালিকা স্বতন্ত্ৰ নহয়, চৰকাৰৰ বহতীয়া। গুজৰাটৰ নিম্ন আদালত বোৰৰ কথাই নাই, উচ্চ ন্যায়ালয়ো যে বিজেপি চৰকাৰৰ কথা মতে উঠা বহা কৰে তাৰ অজস্ৰ উদাহৰণ আছে।ৰাহুল গান্ধীৰ মানহানি গোচৰে তাক পুনৰবাৰ প্ৰমাণ কৰিলে। এতিয়া উচ্চতম ন্যায়ালয়ে কিয় চূৰাটৰ আদালতে দিয়া ৰায়টোৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে? উচ্চতম ন্যায়ালয়ে কৈছে গোচৰটোত কিয় ৰাহুল গান্ধীক সৰ্বোচ্চ শাস্তি বিহা হ’ল সেইটো বিচাৰকজনে উল্লেখ কৰা নাই। কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ নিম্ন আদালতে ৰাহুল গান্ধীক সৰ্বোচ্চ শাস্তি বিহা বাবেই উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়টো স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ লগে লগে সংসদৰ খাৰিজ হোৱা সদস্য পদ ৰাহুল গান্ধীয়ে পুনৰ ঘূৰাই পালে। সেয়ে, কালি গৈ ৰাহুল গান্ধী সংসদত উপস্থিত হ’ল।

উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধীৰ মানহানি গোচৰটোৰ শুনানী ৰাহুল গান্ধীৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাছিল। কিয়নো সকলো ন্যায় বিশাৰদে একমুখে কৈছিল যে ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ড দিয়া  চূৰাটৰ নিম্ন আদালতৰ ৰায়টো এটা হাঁহি উঠা, পক্ষপাতদুষ্ট ৰায়। গতিকে সেই বিষয়ে উচ্চতম ন্যায়ালয়ে কি ৰায় দিয়ে সেইটো উচ্চতম ন্যায়ালয়ৰ বাবেহে এটা অগ্নি পৰীক্ষা। আৰু নিম্ন আদালতৰ ৰায় স্থগিত ৰাখি ভাৰতৰ উচ্চতম ন্যায়ালয়ে সেই অগ্নি পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিলে।

এতিয়া ইয়াৰ ৰাজনৈতিক তাৎপৰ্য কি হ’ব? ইয়াৰ প্ৰতীকী ৰাজনৈতিক তাৎপৰ্য গুৰুত্বপূৰ্ণ। ৰাহুল গান্ধীৰ ভাবমূৰ্তি ধ্বংস কৰিবলৈ বিজেপিয়ে কি কৰিছিল সেই কথা সকলোৱে জানে। সেই সকলোতে বিফল হৈ তেওঁলোকে গুজৰাটৰ ন্যায়পালিকাৰ সহায় লৈ ৰাহুল গান্ধীক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি তৈয়াৰ কৰিছিল। সেই আঁচনিত অতি যুক্তি সংগতভাৱেই ভাৰতৰ উচ্চতম ন্যায়ালয়ে চেঁচা পানী ঢালিলে। জনমানসত ই ৰাহুল গান্ধীৰ ভাবমূৰ্তি আগতকৈ প্ৰোজ্জ্বল কৰিহে তুলিলে। বিজেপিয়ে এতিয়া কি কৰিব? ক’ত নিজৰ মুখ লুকুৱাব? উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ বিজেপিৰ এক নৈতিক পৰাজয় আৰু ৰাহুল গান্ধী, কংগ্ৰেছ আৰু বিৰোধীৰ এক নৈতিক বিজয়।

Related News