NORTHEAST NOW (Assamese)

দুৰ্নীতিৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় : এজাহাৰ দাখিল

September 17, 2018 6:33 am · মিণ্টু দাস

নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনে চলি আহিছে নীতি বহিৰ্ভুত কাম কাজ। উৎকোচ দিলে সকলো সম্ভৱ এই কাৰ্যালয়ত, নিদিলে নীতিগতভাৱে নহয় কোনো কাম-কাজ। বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ দুৰ্বলতাৰ সুযোগ পূৰ্ণ মাত্ৰাত গ্ৰহণ কৰিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলে।

জিলা পৰিবহণ বিষয়াজনৰ তলতীয়া বিষয়া কৰ্মচাৰীৰ ওপৰত নিয়ন্ত্ৰণ নাই। এনে এক পৰিস্থিতিৰ মাজতে নগাঁৱৰ জিলা পৰিবহণ বিষয়া ৰূপক পূজাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল হৈছে এখন এজাহাৰ। দুলাল বৰা নামৰ লোকজনে নগাঁও সদৰ থানাত এই এজাহাৰখন দাখিল কৰিছে।

বিশেষকৈ গাড়ীৰ ফিটনেচ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত জালিয়াতি কৰাৰ আভিযোগ আনিছে দুলাল বৰাই। আৰ চি , ফিটনেচ, এম ভি টেক্সৰ ম্যাদ পাৰ হোৱাৰ পিছতো দূৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকৰ বিপৰীতে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে ফিটনেচ প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰে। এই ক্ষেত্ৰত এম ভি আই অচিন্ত্য সেনে দূৰ্ঘটনা সংঘটিত কৰা গাড়ী নোচোৱাকৈ প্ৰমাণ প্ৰত্ৰ দিয়াৰ অভিযোগ আনিছে অভিযোগকাৰীয়ে।

আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পিছতে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। উলেখ্য যে, নগাঁৱত থকা অৱস্থাতে বিষয়া ৰূপক পূজাৰী পূৰ্বে নিলম্বিত হৈছিল। নিলম্বিতকৰণ প্ৰত্যাহাৰ হোৱাৰ পিছত পূজাৰীয়ে বিভাগৰ উচ্চ পৰ্যায়ত মেনেজ কৰি নগাঁৱতে পুনৰ জিলা পৰিবহণ বিষয়াৰ চকীত বহিবলৈ সক্ষম হৈছে।

Related News