NORTHEAST NOW (Assamese)
অসম

গোলাঘাটবাসীৰ আৱেগ জড়িত এটি পুৰণি ৰাজহুৱা পথত দেৱাল দি বন্ধ : স্থানীয় ৰাইজৰ প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 27, 2021 2:32 pm
Golaghat

কৰোনাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি গোলাঘাটত জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদ সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি চলা দেখা যায়।

কৰ্টৰোডৰ গাতে লাগি থকা গোলাঘাট নগৰৰ এটি অতি পুৰণি ৰাজহুৱা গড়কাপ্তানী পথ বন্ধ কৰি পকী দেৱাল দিয়াত ক্ষোভিত হৈ পৰিছে ছাত্ৰ সংগঠনটোৰ লগতে একাংশ সচেতন লোক।

অভিযোগ অনুসৰি গোলাঘাটবাসীৰ লগত কোনো আলাপ-আলোচনা নকৰাকৈ ওচৰতে নিৰ্মাণ কৰি থকা জিলা ন্যায়ালয়ৰ কাৰ্যালয়ৰ ঠিকাদাৰে এই গুৰুত্বপূৰ্ণ পথছোৱা বন্ধ কৰি দেৱাল নিৰ্মাণৰ প্ৰস্তুতি কৰিছে।

গড়কাপ্তানী অধীনৰ নগৰৰ মাজমজিয়াৰ অতিকে গুৰুত্বপূৰ্ণ অঞ্চলৰ পথছোৱাৰ সন্দৰ্ভত ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি কাৰ চত্ৰছায়াত উক্ত ঠিকাদাৰজনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেই লৈ এতিয়া প্ৰশ্ন তুলিছে জিলা ছাত্ৰসন্থাৰ লগতে সচেতনমহলে।

গোলাঘাটবাসীৰ আৱেগ জড়িত এই পথছোৱা এনেকৈ কোনো লোকে বন্ধ কৰিব নোৱাৰে বুলিও হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে।