NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আটক আলফা স্বাধীনৰ কেডাৰ, লিংকমেন

April 4, 2023 7:04 am · অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
সেনা-আৰক্ষীৰ হাতত আটক আলফা স্বাধীনৰ কেডাৰ আৰু লিংকমেন।

ভাৰতীয় সেনাই অসম আৰক্ষীৰ সৈতে যৌথ অভিযান চলাই দেওবাৰে ডিব্ৰুগড়ত আলফা(স্বাধীন) সংগঠনৰ এজন কেডাৰ আৰু এজন লিংকমেনক আটক কৰে।

ডিব্ৰুগড় জিলাৰ জয়পুৰ থানাৰ অন্তৰ্গত ফাল্টুতোলা অঞ্চলত অস্ত্ৰ লৈ এজন সন্দেহযুক্ত কেডাৰৰ গতিবিধি সন্দৰ্ভত এক নিৰ্দিষ্ট তথ্য লাভ কৰি স্পিয়াৰ কৰ্পছ ৱাৰিয়ৰ্ছে এই অভিযান চলাইছিল।

আটকাধীন কেডাৰজন নাহৰকটিয়াৰ জাগুন গাঁৱৰ বাসিন্দা ইয়াচিন খান (৩১) আৰু লিংক-মেনজনক বিন্টু শৰ্মা( ৩৩) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ পৰা ৪ জাই গুলীসহ এটা ৭.৬২ এম এম পিষ্টলো উদ্ধাৰ কৰা হৈছে।

প্ৰাথমিকভাৱে সোধা-পোছাৰ সময়ত আটক কৰা দুয়োজন ব্যক্তিয়ে আলফা (স্বাধীন) সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰে।

সেনাবাহিনীৰ এজন বিষয়াই জনোৱা মতে, অধিক তদন্তৰ বাবে তেওঁলোকক আৰক্ষীক গতাই দিয়া হৈছে।

সূত্ৰসমূহে জনোৱা মতে, আলফা স্বাধীনৰ লিংকমেন আৰু সহানুভুতি থকাসকলে উজনি অসমৰ গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ চেষ্টা চলাইছে।

Related News