NORTHEAST NOW (Assamese)
অসম

Crime in the City মহানগৰীত পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ড; মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য!

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী October 30, 2021 12:37 pm
Crime in the City

Crime in the City মহানগৰীত পুনৰ এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। খানাপাৰা উৰণীয়া সেতুৰ কাষৰ নলাত শনিবাৰে পুৱাই উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ  মৃতদেহ।

কেইবাটুকুৰা কৰি পলিথিনত মেৰিওৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহতো।

অৱশ্যে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ভৰি দুখন পুৰুষ নে মহিলাৰ। এই সন্দৰ্ভত নিশ্চিত নহয় আৰক্ষী।

আৰক্ষীয়ে জানিব দিয়া মতে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ধৰা পৰিব মৃতদেহতো পুৰুষ নে মহিলাৰ। তথাপি মৃতদেহটো চাই মহিলাৰ ভৰিৰ অংশ বুলি গণ্য কৰিব পাৰি।

আনহাতে, মৃতদেহটোৰ কেৱল আধা অংশহে উদ্ধাৰ হৈছে।

বশিষ্ঠ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাৰ ভৰি দুখন।

বশিষ্ঠ আৰক্ষীয়ে বৰ্তমান মৃতদেহটো কাৰ সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

দুই তিনিদিনৰ আগতেই কোনোৱে হত্যা কৰি মৃতদেহতো পেলাই থোৱাৰ সন্দেহ কৰা হৈছে।