NORTHEAST NOW (Assamese)
দেশ

পুনৰ ২৯ মে’ৰ পৰা ১ জুনলৈ ৰাধিকা-অনন্তৰ প্ৰি-ৱেডিং পাৰ্টী; ইটালীত আৰম্ভণি হৈ ছুইজাৰলেণ্ডত হ’ব অনুষ্ঠানৰ সামৰণি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2024 5:33 pm

২৯ মে’ৰ পৰা আৰম্ভ হ’ব অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ কাউণ্টডাউন৷ ২৯মে’ৰ পৰা ১ জুনলৈকে চলিব এই প্ৰাক্‌-বিবাহ অনুষ্ঠান।ইটালীত আৰম্ভ হৈ ১ জুনত ছুইজাৰলেণ্ডত এই উদ্‌যাপনৰ সামৰণি পৰিব।

৬-১২ জুলাইৰ ভিতৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পূৰ্বে এয়া এইবাৰ দ্বিতীয় প্ৰাক্‌-বৈবাহিক অনুষ্ঠান৷ এই অনুষ্ঠানত বলীউডৰ বিশিষ্ট ব্যক্তি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি দেখা যাব।

এই ক্ৰুজ পাৰ্টীত গোপনীয়তা সৰ্বোচ্চ হ’ব, দম্পতীহাল আৰু তেওঁলোকৰ সন্মানীয় অতিথিসকলৰ অন্তৰংগ মুহূৰ্তসমূহ সুৰক্ষিত কৰিবলৈ ‘No- Phone’ নীতি প্ৰযোজ্য হ’ব। মুকেশ আম্বানী, নীতা আম্বানী আৰু আকাশ আম্বানীৰ বাহিৰে আম্বানী পৰিয়ালৰ বাকী সদস্যসকল ক্ৰুজ পাৰ্টিৰ ফিটিংছৰ বাবে লণ্ডনত থকা বুলি জানিব পৰা গৈছে। ১৯ মে’ৰ পৰা আৰম্ভ হোৱা এই ফিটিংছ ২৩ মে’লৈকে চলিব।

সমগ্ৰ বিশ্বৰ পৰা মুঠ ৩০০ৰো অধিক ভিআইপি অতিথিক এই ক্ৰুজ পাৰ্টীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ক্ৰুজত অনন্ত আৰু ৰাধিকাৰ বিয়াৰ কাউণ্টডাউন উদ্‌যাপনত বলীউডৰ জনপ্ৰিয় নামো উপস্থিত থাকিব। পৰিয়ালটোৰ ঘনিষ্ঠ সূত্ৰই শ্বেয়াৰ কৰা অনুসৰি নিশ্চিত অতিথিৰ নামৰ তালিকাত শ্বাহৰুখ খান আৰু পৰিয়াল, ৰণবীৰ কাপুৰ-আলিয়া ভাট আৰু ছলমান খানৰ নামো আছে ।

এই তালিকাত দম্পতী প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু নিক জোনাছ, ৰণবীৰ সিং আৰু দীপিকা পাডুকন,কিয়াৰা আদবানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ লগতে সোণম কাপুৰ আৰু আনন্দ আহুজাৰ দৰে আন তাৰকাৰো নাম আছে।