NORTHEAST NOW (Assamese)
Popular Stories

অন্ধ্ৰপ্ৰদেশৰ শিলৰ কুৱেৰীত অঘটন! শিল খহি থিতাতে মৃত্যু ৬ জন শ্ৰমিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 3, 2025 7:49 pm

অন্ধ্ৰপ্ৰদেশৰ বাপটলা জিলাস্থিত সত্যকৃষ্ণ শিলৰ কুৱেৰীত সংঘটিত এক মৰ্মান্তিক দুৰ্ঘটনাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু ১০ জন গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত শ্ৰমিক সকল ওড়িশাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে পুৱা খননৰ সময়ত এটা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত ১৬ জন শ্ৰমিকৰ মাজত ৬ জনৰ থিতাতে মৃত্যু হয়। বাকী ১০ জন আহত হয়। শ্ৰমিকসকলৰ বহুতৰে অৱস্থা গুৰুতৰ। তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহতসকলক এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিবলৈ দিছে।

প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি কুৱেৰীটোত সুৰক্ষাৰ নিয়ম পালন কৰা হোৱা নাছিল, যিটো দুৰ্ঘটনাৰ মূল কাৰণ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। বাপটলা জিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দুডীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ তদাৰক কৰিছে।

মুখ্যমন্ত্ৰী নাইডুৱে এই শোকাৱহ ঘটনাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ নিৰ্দেশ দিছে। তেওঁ প্ৰশাসনক আহতসকলৰ পৰ্যাপ্ত চিকিৎসা নিশ্চিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে দুৰ্ঘটনাৰ কাৰণৰ বিষয়ে বিশদ তদন্তৰ আদেশ দিছে।