NORTHEAST NOW (Assamese)

বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে ক’ৰ’না পজিটিভ

January 14, 2021 5:09 pm · এন ই নাও নিউজ

বৃটিছ টেনিছ ষ্টাৰ এণ্ডি মাৰে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। স্কটিছ মিডিয়াই আজি এই কথা জনাইছে।

স্কটিছ মিডিয়াই নিজৰ মন্তব্যত কয় যে বৰ্তমান মাৰেৰ স্বাস্থ্যৰ অৱস্থা ভাল। তেওঁ নিজকে আইছ’লেট কৰিছে আৰু অতি শীঘ্ৰে সুস্থ হৈ উঠি অহা মাহত হ’বলগীয়া অষ্ট্ৰেলিয়ান অপেনত অংশ ল’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে দুসপ্তাহ পূৰ্বে ক’ৰ’না মহামাৰীৰ বাবে ফ্ল’ৰিডাত হ’বলগীয়া ৱালে ডেৰেল বীচ অ’পেনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিল।

পৰম্পৰাগত তাৰিখতকৈ তিনি সপ্তাহ পলমকৈ হ’বলগীয়া অষ্ট্ৰেলিয়ান অ’পেনৰ কোৱালিফায়াৰ এইবাৰ দোহা আৰু ডুবাইত অনুষ্ঠিত হৈছে।

৮ ফেব্ৰুৱাৰিৰ পৰা হ’বলগীয়া বছৰৰ প্ৰথমটো গ্ৰেণ্ডশ্লেমৰ বাবে ১৬ জন পুৰুষ আৰু ১৬ গৰাকী মহিলা কোৱালিফায়াৰ শ্বাৰ্টাৰ্ড বিমানেৰে অষ্ট্ৰেলিয়াত উপস্থিত হ’ব।

এই টুৰ্ণামেণ্টত অংশল’বলগীয়া প্ৰতিগৰাকী খেলুৱৈয়ে ১৪ দিন কোৱাৰেণ্টাইনত থকাৰ নিয়ম প্ৰৱৰ্তন কৰাৰ বাবেই তিনিসপ্তাহ পলমকৈ টুৰ্ণামেণ্টখন আৰম্ভ হ’ব।

Related News