NORTHEAST NOW (Assamese)
অসম

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ January 19, 2021 7:23 pm
IMG-20210119-WA0047

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে তেওঁ‌লোকৰ যি দীৰ্ঘদিনীয়া দাবী চাকৰি নিয়মীয়াকৰণ, মাহিলী দৰমহা স্থায়ীকৰণৰ লগতে বিভিন্ন সমস্যা শীঘ্ৰেই সমাধানৰ বাবে চৰকাৰক আহবান জনাইছে ৷

অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলৰ চাকৰি নিয়মীয়াকৰণৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত  কৰ্মী-সহায়িকা সকলে বিভিন্ন সময়ত চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে ৷

বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে কৰ্মী-সহায়িকা সকলে ৷

কিন্তূ চৰকাৰে আজিকোপতি কৰ্মী সকলৰ দাবী সমূহ সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ পৰিপেক্ষিতত ৰাজ্যজুৰি অব্যাহত আছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদ কাৰ্যসূচী ৷

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে কয় যে  সহায়িকা সকলৰ মাননী কৰ্মী সকলৰ তুলনাত ৫০ শতাংশৰ পৰিৱৰ্তে ৮০ শতাংশলৈ বৃদ্ধি কৰা, চৰকাৰীকৰণ নকৰা পৰ্যন্ত ৭৫ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থাৰে কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়া, ২০২১ শিক্ষা নীতিৰে অতিৰিক্ত ভাৱে জাপি দিবলৈ লোৱা শ্ৰেণী ১ আৰু শ্ৰেণী ২ ত কৰ্মী সহায়িকা সকলৰ স্থিতি স্পষ্ট কৰাৰ লগতে অন্যান বিভিন্ন দাবী  সমাধানৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় ৷

লগতে কৰ্মী আৰু সহায়িকা সকলে চৰকাৰক শীঘ্ৰেই মাননীৰ পৰৱৰ্তে দৰমহা প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰে ৷

অন্যথা ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে  অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে  বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে  তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে।

সংবাদমেলত অংশগ্ৰহণ কৰে  সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ অসম ৰাজ্যিকৰ সম্পাদিকা ভাৰতী বৰগোহাঁই গগৈ আৰু অসম ৰাজ্যিকৰ উপ সভানেত্ৰী দীপালী গগৈ বৰুৱাই ।