NORTHEAST NOW (Assamese)
অসম

হাতী-মানুহৰ সংঘাতৰ অন্য এক পৰিণতি; ক্ষুব্ধ ৰাইজ জপিয়াই পৰিল বনকৰ্মীৰ ওপৰত

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন June 15, 2021 8:37 pm
IMG_20210615_111032

গোলাঘাটৰ দাঁতি-কাষৰীয়া অঞ্চলত হাতী-মানুহৰ সংঘাত নতুন কথা নহ’য়। বিশেষকৈ নুমলীগড়,মৰঙিকে আদি কৰি এই বৃহৎ অঞ্চলটোত দৈনিক হাতী-মানুহৰ সংঘাতে বাতৰিৰ পৃষ্ঠাত  স্থান পাই আহিছে।

ক্ৰমাৎ বৃদ্ধি পোৱা হাতীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে অঞ্চলবাসী। দেওবাৰে পুৱতি নিশা গোলাঘাটৰ বগীঢলা চাহ বাগিচাত হাতীৰ আক্ৰমণত নিহত হৈছিল এগৰাকী মাতৃ আৰু আঠ বছৰীয়া এটি সন্তান।

তাৰপিছতেই বনকৰ্মীৰ ওপৰত ক্ষোভিত হৈ আছিল বগীঢলাৰ ৰাইজ। ইয়াৰ মাজতেই সোমবাৰে পুনৰ অঞ্চলটোত হাতীৰ জাক প্ৰৱেশ কৰাত গাঁৱৰ ৰাইজে বনকৰ্মীক খবৰ দিয়ে।

কৰ্তব্য পালন কৰিবলৈ যোৱা বনকৰ্মীৰ দলটোক পূৰ্বৰে পৰা উত্তেজিত হৈ থকা ৰাইজে আক্ৰমণৰ লক্ষ্য কৰি লয়। আক্ৰমণত  দলটোত থকা পাঁচজন বনকৰ্মীৰ দুজন  আঘাতপ্ৰাপ্ত হৈছে।

আঘাতপ্ৰাপ্ত বনকৰ্মী দুজন হৈছে ৰূপকান্ত গগৈ আৰু জেহেৰুদ্দিন আহমেদ।

ঘটনাৰ পিছত নিশাই গোলাঘাট আৰক্ষীৰ কাষত উপস্থিত হৈ এজাহাৰ দাখিল কৰে বনকৰ্মীৰ দলটোৱে।

উল্লেখ্য যে , দীৰ্ঘদিন ধৰি মৰঙি দাঁতি কাষৰীয়া অঞ্চলত হাতী-মানুহৰ সংঘাত চলি থকাৰ বিপৰীতে বনকৰ্মীসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল।