NORTHEAST NOW (Assamese)
Popular Stories

হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যুক লৈ চামগুৰিত উত্তেজনা; বন-বিভাগৰ কাৰ্যালয়ত ক্ষুব্ধ লোকৰ আক্ৰমণ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 1, 2020 8:50 am

বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি দেওবাৰে নিশা নগাঁও জিলাৰ চামগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ উত্তেজিত লোকে চামগুৰিৰ উদমৰি উপ খণ্ড বন-বিষয়া কাৰ্য্যালয়ত আক্ৰমণ কৰাৰ লগতে জুই লগাই দিয়াৰো চেষ্টা চলায়। আনহাতে তেওঁলোকৰ এই কাৰ্য্যক বাধা দিবলৈ যোৱা একাংশ স্থানীয় লোককো দলটোয়ে ভাবুকি দিয়ে।

ঘটনা অনুসৰি যে কালি সন্ধ্যা এজন সতীৰ্থৰ সৈতে চাইকেলৰে উদমাৰিৰ পৰা ন’নৈ চাহ বাগিচাৰ নতুন লাইনত থকা নিজৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত ৰতন কৰ্মকাৰ নামৰ এজন যুৱক থিতাতে নিহত হৈছিল।

ইয়াক কেন্দ্ৰ কৰি বাগিচাখনৰ লোকসকল বন-বিভাগৰ বিৰুদ্ধে যথেষ্ট ক্ষুব্ধ হৈ পৰিছিল।

বন-বিভাগৰ সহযোগত শালনা আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী চকীলৈ আনি থকাৰ সময়তে একাংশ ক্ষুব্ধ লোকে উদমাৰি উপ খণ্ড বন-বিষয়াৰ কাৰ্যালয়ত হাতে হাতে চোকা অস্ত্ৰলৈ আক্ৰমণ চলায়।

ইপিনে পৰিস্থিতিৰ উমান পাই আগতীয়াকৈ চামগুৰি আৰক্ষীক বন-বিভাগৰ লোকে ঘটনাৰ বিষয়ে অৱগত কৰিছিল যদিও আৰক্ষীৰ লোক পলমকৈ ঘটনাস্থলীত উপস্থিত হয় বুলি কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকলে অভিযোগ কৰে।

উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত বিগত সময়ছোৱাত কেইবাবাৰ বনৰীয়া হাতীৰ আক্ৰমণত স্থানীয় লোকৰ মৃত্যু হৈছে। ফলত, উত্তেজিত লোকে ইয়াৰ পূৰ্বেও এইদৰে কাৰ্যালয়টোত আক্ৰমণ চলোৱাৰ ঘটনা সংঘটিত হৈছে।