NORTHEAST NOW (Assamese)
Popular Stories

গুটখাৰ বিজ্ঞাপনৰ বাবদ ১০ কোটিৰ অফাৰ প্ৰত্যাখ্যান অনিল কাপুৰৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 23, 2024 10:21 am

অনিল কাপুৰে প্ৰত্যাখ্যান কৰিলে ১০ কোটি টকাৰ বিজ্ঞাপন। সূত্ৰ অনুসৰি অলপতে অনিলে গুটখাৰ বিজ্ঞাপন দিয়াৰ প্ৰস্তাৱ লাভ কৰিছিল, যাৰ পাৰিশ্ৰমিক আছিল ১০ কোটি। কিন্তু বলীউডৰ মিষ্টাৰ ইণ্ডিয়াই বিজ্ঞাপনৰ খবৰ পোৱাৰ লগে লগে এই প্ৰস্তাৱ নাকচ কৰে। তেওঁ কোম্পানীটোক স্পষ্ট কৰি দিছিল যে যুৱক-যুৱতীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰা কোনো সামগ্ৰীৰ প্ৰচাৰ তেওঁ নকৰে। তেওঁ কেৱল টকা উপাৰ্জনৰ স্বাৰ্থত কোনো সামগ্ৰীৰ বিজ্ঞাপন দিব নিবিচাৰে, যাৰ প্ৰভাৱ জনস্বাস্থ্যত পৰিব।

স্বাস্থ্যৰ ক্ষেত্ৰত অনিলে নিজকে জিলিকাই ৰাখিছে। তেওঁক দেখি কোনেও ক’ব নোৱাৰিব, তেওঁৰ বয়স ৬৮ বছৰ।তেওঁ ধূমপান আৰু পাবৰ পৰাও আঁতৰি থাকে। আনকি, অনিলৰ ঘনিষ্ঠ বন্ধুসকলে কয়, অনিলে ফিল্মী পাৰ্টিলৈ গ’লে একেবাৰেই মদ নাখায়। অনিলৰ ৰুটিন একেবাৰে পৰিশীলিত। লগতে নিয়মিতভাৱে জিমলৈ যায়। সেই অনিলে গুটখাৰ বিজ্ঞাপন কেনেকৈ দিব! অনুৰাগীৰ কথা ভাবি অনিলে এই কাম কৰিলে। ইয়াৰ পূৰ্বে অক্ষয় কুমাৰ, অজয় ​​দেৱগন, শ্বাহৰুখক পান মছলাৰ বিজ্ঞাপন দিয়াৰ বাবে সমালোচনা কৰা হৈছিল।

কিন্তু কেৱল অনিল নহয়। ইয়াৰ পূৰ্বে কাৰ্তিকে গুটখাৰ বিজ্ঞাপন দিবলৈ অস্বীকাৰ কৰিছিল। শুনা যায় যে এই বিজ্ঞাপনৰ বাবে কাৰ্তিকক ৯ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল! কিন্তু কাৰ্তিকে কোম্পানীটোক স্পষ্টকৈ কৈছিল যে সমাজৰ প্ৰতি তেওঁৰ দায়িত্ব আছে, গতিকে এই বিজ্ঞাপনটো তেওঁ কোনো ধৰণে নকৰে। লগতে নিজৰ ভাবমূর্তিৰ কথা ভাবি কাৰ্তিক বিজ্ঞাপনৰ পৰা আঁতৰি আহিছে।