NORTHEAST NOW (Assamese)
অসম

শ্ৰীমন্ত শংকৰদেৱৰ পিছত এইবাৰ মহাপুৰুষ মাধৱদেৱকলৈ এনিমেশ্যন ছবি

Posted by: স্মিতা ভট্টাটাৰ্য December 1, 2018 12:49 pm
Animation on Madhabdeb

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ নিৰ্মাণ কৰা ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবিয়ে জনপ্ৰিয়তা লাভ কৰাৰ পিছত এইবাৰ অসমৰ ৰাইজৰ বাবে আহি আছে শ্ৰী শ্ৰী মাধৱদেৱক লৈ নিৰ্মাণ কৰা এখন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবি।

উল্লেখযোগ্য যে অহা বৰ্ষৰ মাৰ্চত ৰাজ্যৰ ছবিগৃহলৈ আহিব লগীয়া এইখন হৈছে অসমীয়া ভাষাত নিৰ্মিত  দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেশ্যন ছবি।

শুকুৰবাৰে গুৱাহাটীৰ হোটেল গ্ৰেণ্ড ভবেনদ্ৰালয়ত আয়োজিত এক অনুষ্ঠানত প্ৰবীন অভিনেতা নিপন গোস্বামীয়ে ছবিখনৰ টিজাৰটো মুকলি কৰে।

এনিমেশ্যন ছবিখনৰ পৰিচালনা কৰিছে গৌতম দাসে। উল্লেখযোগ্য যে ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’খনো তেৱেঁই পৰিচালনা কৰিছিল। নৰ্থ-ইষ্ট নাওক দাসে জানিবলৈ দিয়া অনুসৰি ২২ মাৰ্চ ছবিখনৰ মুক্তিৰ সাম্ভাব্য দিন হিচাপে ধাৰ্য কৰা হৈছে।

ৰমনী চিত্ৰম মেম’ৰিয়েল ট্ৰাষ্টে প্ৰযোজনা কৰা ছবিখনৰ চিত্ৰনাট্য আৰু গৱেষণাত আছে প্ৰভাত চন্দ্ৰ দাস, গুনীন ওজা আৰু জিতেন বসুমতাৰী। তদুপৰি ছবিখনৰ মুখ্য চৰিত্ৰ মহাপুৰুষ মাধৱদেৱৰ চৰিত্ৰত কণ্ঠ দিছে বিশিষ্ট সংস্কৃত গায়ক ৰাঞ্জন বেজবৰুৱাই।