NORTHEAST NOW (Assamese)
অসম

অভিযন্তা, চিকিৎসক নহয় এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থানপ্ৰাপ্ত অংকুৰৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 15, 2019 4:05 pm
20190515_081503 (1)

বৰ্তমান স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিকিৎসক, অভিযন্তা হোৱাৰ হাবিয়াসৰ সময়ত পুৰণিগুদাম বিদ্যানিকেতনৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান প্ৰাপ্ত ছাত্ৰ অংকুৰ ৰাজ কাশ্যপে ভবিষ্যতে এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

সদ্যঘোষিত ফলাফলত অংকুৰে ৬০০ নম্বৰৰ ভিতৰত মুঠ ৫৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, উচ্চ গণিতত ৯৮, সমাজ বিজ্ঞানত ৯৮, অসমীয়াত ৯৭ আৰু ইংৰাজীত ৯৪ নম্বৰ লাভ কৰে।

নগাঁৱৰ পুৰণিগুদামৰ কাষৰি গাঁৱৰ ব্যৱসায়ী ৰাজীৱ বৰা আৰু জোণ্টি বৰাৰ পুত্ৰ অংকুৰে সৰুৰে পৰা চিত্ৰ শিল্প চৰ্চাত ব্ৰতী হৈ আহিছে। তেওঁ ভবিষ্যতে চিত্ৰ শিল্পত নিজক আত্মনিয়োগ কৰাৰ লক্ষ্যৰে অনিৰ্বাণ কলা কেন্দ্ৰৰ পৰা চিত্ৰ শিল্পৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে।

20190515_111045
দশম স্থান লাভ কৰা মিণ্টু গায়ন (বাওঁফালৰ গৰাকী)

আনহাতে, একেখন বিদ্যালয়ৰ পৰা আন এগৰাকী ছাত্ৰ মিন্টু গায়নে লাভ কৰে দশম স্থান। পুৰণিগুদাম কুৰুৱাবাহী গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিভাগৰ কৰ্মচাৰী ধৰণী গায়ন আৰু পুৰ্ণিমা গায়নৰ পুত্ৰ মিন্টুৰ ভবিষ্যতে অভিযন্তা হোৱাৰ মন। মিণ্টুই মুঠ ৫৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ দুয়োগৰাকী মেধাৱী ছাত্ৰই নিজৰ সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষাগুৰু সকলক কৃতিত্ব প্ৰদান কৰে।

ছাত্ৰ দুগৰাকীৰ সফলতাই সমগ্ৰ পুৰণিগুদামৰ লোকসকলৰ মনত আনন্দৰ জোৱাৰ সৃষ্টি কৰে।