NORTHEAST NOW (Assamese)

বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী অভিযুক্ত জ্যোস্নাৰা বেগমক গ্ৰেপ্তাৰ

May 30, 2022 5:33 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: May 30, 2022 5:41 pm

বটদ্ৰৱা কাণ্ডৰ আন এগৰাকী অভিযুক্ত মহিলাক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকীৰ নাম জ্যোস্নাৰা বেগম বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি আৰক্ষীক আক্ৰমণ কৰা তথা থানা জ্বলাই দিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল জ্যোস্নাৰা বেগমে।

জানিব পৰা মতে থানা জ্বলাবলৈ লগত পেট্ৰল লৈ গৈছিল জ্যোস্নাৰা বেগমে লগতে আৰক্ষী আচবাব পত্ৰও ধ্বংস কৰিছিল তেওঁ।

বটদ্ৰৱা কাণ্ডৰ পাছতেই ধিঙত আত্মগোপন কৰি আছিল জ্যোস্নাৰা বেগমে।

বৰ্তমানো পলাতক অৱস্থাত আছে থানা জ্বলোৱা খাজিনাৰা খাতুন নামৰ আন এগৰাকী মহিলা।

Related News