NORTHEAST NOW (Assamese)
অসম

জুবিনৰ সাম্প্ৰদায়িক মন্তব্যত চাৰিওফালে বিৰূপ প্ৰতিক্ৰিয়া; গোচৰৰ ভাবুকি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2019 4:55 pm
Zubeen Garg

যোৱা ২৬ জুলাইৰ নিশা মহানগৰৰ জি এম চি এইচ্ছৰ প্ৰেক্ষাগৃহত পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ এটা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কৰা মন্তব্যক লৈ চাৰিওফালে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অনুষ্ঠানটোত শিল্পীজনে কথা প্ৰসংগতে সাম্প্ৰদায়িক মন্তব্য কৰিছিল, যাৰ বাবে ছ’চিয়েল মিডিয়াত সমালোচিত হোৱাৰ উপৰি অসমৰ ব্ৰাহ্মণ সমাজে তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ ভাবুকি দিছে।

জুবিনে নিজৰ নিৰ্মীয়মাণ বোলছবি কাঞ্চনজংঘাৰ বিষয়ে উপস্থিত দৰ্শকক দুৱাষাৰ ক’বলৈ গৈ কয়, “মই মুক্ত, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, বচ, এইটোৱে কথা হ’ব লাগে।”

কিন্তু এইখিনি কোৱাৰ পিছতে শিল্পীজনে নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আপত্তিকৰ স্তৰলৈ নিজৰ মন্তব্যক লৈ যায়।

“মই বামুণ, মই লগুণ ছিঙি দিছো। এই বামুণ-চামুণ চব মাৰিব লাগে এইবিলাক।”, অনুষ্ঠানটোৰ এটা ভিডিঅ’ত এইদৰে কোৱা দেখা গ’ল জুবিনক।

তাৰ পিছতে যথেষ্ট অপৰিপক্বতাৰ পৰিচয় দি মদ খোৱাৰ বিষয়ে ৰাজহুৱাকৈ যহ কৰি শিল্পীজনে কয়, “তিনিদিন ধৰি মদ খাই আছো, ১৮ ঘণ্টা মান কাম কৰি আছো। কাঞ্চনজংঘাৰ বাবে। চবেই চাবলৈ আহিব, নহ’লে আৰু বেছি মদ খাই দিম। মই চিধা কথা কওঁ।“

কেৱল সিমানেই নহয়, শিল্পীজনে হিন্দী ভাষাটোৰ প্ৰতিও অসন্মান প্ৰদৰ্শন কৰে, লগতে ৰিক্সাৱালাসকলৰ প্ৰতিও তেওঁৰ বক্তব্যত হেয়তাৰ ভাব প্ৰকট হয়। এজন দৰ্শকৰ অনুৰোধৰ প্ৰতিক্ৰিয়াত শিল্পীজনক কোৱা শুনা গ’ল, “এই হিন্দী বাদেই দিলো মই, ইংৰাজী গাওঁ আজিকালি। হিন্দী লাভ নাই, ঢেকেৰী লেংগুৱেজ, ৰিক্সাৱালায়ো কয়।“

এজন প্ৰতিভাশালী শিল্পীৰ এই স্খলন দেখি যোৱা ২৪ ঘণ্টাত ছ’চিয়েল মিডিয়াযোগে বহুতেই হতাশা প্ৰকাশ কৰিছে, যাৰ মাজত তেওঁৰ সঁচা অনুৰাগীও আছে।

আনহাতে, তেওঁৰ মন্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ ব্ৰাহ্মণ সমাজ। ব্ৰাহ্মণ সমাজে অসমৰ প্ৰতিখন জিলাতেই শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ ভাবুকি দিছে।

উল্লেখ কৰিব পাৰি, ২০১৮ চনত কামাখ্যা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বহাগী বিদায় উৎসৱৰ এটা সাংস্কৃতিক অনুষ্ঠানত শিল্পী জুবিনে লগুণ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁৰ পৰা পাণ্ডা সমাজে ক্ষমা প্ৰাৰ্থনা দাবী কৰিছিল যদিও “মই কোনো কাৰণতে ক্ষমা নুখুজো” বুলি নিজৰ অটল স্থিতি প্ৰকাশ কৰিছিল শিল্পীজনে।

আনহাতে যোৱা বছৰতে দৌৰৰাণী হিমা দাসক ভাল প্ৰদৰ্শনৰ বাবে গো-মাংস খাবলৈ পৰামৰ্শ দিয়া বাবেও গোড়া হিন্দুসকলৰ ৰোষত পৰিছিল শিল্পীজন।