NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত পুনৰ চাৰিজন সন্ত্ৰাসবাদী নিহত; দুসপ্তাহৰ ভিতৰত ২৯ জন সন্ত্ৰাসবাদীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 10:45 am
জম্মু-কাশ্মীৰত পুনৰ চাৰিজন সন্ত্ৰাসবাদী নিহত; দুসপ্তাহৰ ভিতৰত ২৯ জন সন্ত্ৰাসবাদীৰ মৃত্যু

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা দুটা পৃথক পৃথক সংঘৰ্ষত চাৰিজন দুৰ্ধৰ্ষ সন্ত্ৰাবাদী নিহত হয়।

প্ৰথমটো ঘটনাত অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষী বাহিনীয়ে দুজন হিজবুল মুজাহিদিনৰ সন্ত্ৰাদবাদীক গুলীয়াই নিহত কৰে।

নিৰাপত্তাৰক্ষী বাহিনীয়ে নিহত সন্ত্ৰবাসবাদী দুজনৰ পৰা তিনিটা গ্ৰেনেড আৰু দুটা পিষ্টল উদ্ধাৰ কৰে।

আনহাতে, আন এটা পৃথক সংঘৰ্ষত জম্মু-কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষী বাহিনীয়ে আত্মগোপন কৰা সন্ত্ৰবাসবাদীৰ বিৰুদ্ধে অভিযান চলাই দুজন সন্ত্ৰাসবাদীক নিহত কৰে।

সেনাবাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্মিলিতভাৱে অভিযান চলাই উগ্ৰপন্থী দুজনক নিহত কৰে।

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত জম্মু-কাশ্মীৰত সেনা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে।

বিগত দুটা সপ্তাহৰ ভিতৰতে জম্মু-কাশ্মীৰত ভাৰতীয় সেনা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ২৯ জন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক নিহত কৰে।

১১ জুনত সেনা বাহিনীয়ে কাশ্মীৰৰ পৰা তিনিজন পাকিস্তানৰ অল-কায়দা সমৰ্থিত সন্ত্ৰসবাদীক বৃহৎ পৰিমাণৰ জাল টকাৰে সৈতে আটক কৰিবলৈ সক্ষম হৈছিল।