NORTHEAST NOW (Assamese)
অসম

মণিপুৰক লৈ সংসদ উত্তাল হৈ থকাৰ মাজতে পোহৰলৈ আহিল আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 10, 2023 4:15 pm

তেতিয়া ঘৰটো জ্বলি আছিল, দুই পুত্ৰ, ভতিজা আৰু ননদক লৈ তেওঁ দৌৰি পলাইছিল। তেতিয়াই এদল মানুহে তেওঁক ধৰি পেলায়। পিছত তেওঁ অভিযোগ কৰে যে সেই উন্মত্ত মানুহবোৰৰ হাতত তেওঁ ধৰ্ষিতা হৈছিল।

মণিপুৰৰ চুৰাচান্দপুৰৰ ঘটনা এয়া। অশান্ত মণিপুৰত আন এক দলবদ্ধ ধৰ্ষণ কাণ্ড। আজি বৃহস্পতিবাৰে সংসদত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। মণিপুৰক লৈ উত্তাল সমগ্ৰ দেশ। বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিছে। যাৰ বাবে সংসদত চলি আছে বিতৰ্ক।

ৰাজনৈতিক মহলৰ বিশ্বা স যে মণিপুৰ বিষয়টো নিশ্চয় প্ৰধানমন্ত্ৰীৰ কণ্ঠত শুনা যাব। আৰু তাৰ ঠিক আগতেই পোহৰলৈ আহিল মণিপুৰৰ দ্বিতীয়টো দলবদ্ধ ধৰ্ষণৰ ঘটনা।

যোৱা কেইমাহমানৰ পৰা মণিপুৰত চৰম উত্তেজনা চলি আছে। জনগোষ্ঠীয় সংঘৰ্ষৰ এই ভয়াবহ পৰিবেশত মানুহৰ ঘৰ জ্বলি আছে, মাৰপিট, পাৰস্পৰিক নিৰ্যাতন চলি আছে। মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে।

আৰক্ষীয়ে কৈছে যে যিকোনো মহিলাই আহি তেওঁলোকৰ ওচৰত অভিযোগ পঞ্জীয়ন কৰিব লাগে। তেওঁলোকে যাতে ভয় কৰি মনে মনে নাথাকে।

ইয়াৰ পিছতে শেহতীয়া এই ঘটনা পোহৰলৈ আহিছে। চুৰাচান্দপুৰৰ এই ৩৭বছৰীয়া মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁৰ ঘৰটো জ্বলি থকাৰ সময়ত দুই পুত্ৰ,  ভতিজা আৰু ননদক লৈ দৌৰিছে। তেনেতে এদল মানুহে তেওঁক ধৰি পেলায়। সেই উন্মত্ত দলটোৰ হাতত তেওঁ ধৰ্ষিতা হয়।

যেতিয়া তেওঁ দেখিলে যে বহু লোকে তেওঁলোকৰ অপমান আৰু যন্ত্ৰণাৰ কথা আৰক্ষীক গৈ ক’বলৈ সাহস কৰিছে, তেতিয়া তেওঁৱো সাহস গোটাই নিজৰ বক্তব্য আৰক্ষীৰ ওচৰত লিপিবদ্ধ কৰিছে।

মহিলাগৰাকী এতিয়া সাহায্য শিবিৰত আছে। তেওঁ লগতে এইটোও জনায় যে তেওঁ হয়তো নিজকে শেষ কৰি দিলেহেঁতেন। কিন্তু পিছত মন সলনি কৰিলে।