NORTHEAST NOW (Assamese)

Crime in the City পুনৰ এক হত্যাকাণ্ডই জোকাৰিছে মহানগৰী; এইবাৰ কালী মন্দিৰৰ পূজাৰীক হত্যা দুৰ্বৃত্তৰ

November 12, 2021 12:06 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: November 12, 2021 1:50 pm

Crime in the City পুনৰ এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকিৰছে গুৱাহাটী মহানগৰী। এইবাৰ পল্টন বজাৰৰ কালীবাৰিত সংঘটিত হৈছে হত্যা কাণ্ডৰ ঘটনা।

নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ।

ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছে মৃতদেহ।

কালী মন্দিৰৰ পূজাৰী আছিল চক্ৰৱৰ্তী।

চুবুৰীয়া সঞ্জীৱ চক্ৰৱৰ্তীৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছে মৃতদেহটো।

বুধবাৰে নিশাৰ পৰা সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী।

মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট।

হত্যাকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত নিশাই  লতাশিল আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। 

Related News