NORTHEAST NOW (Assamese)

গোৱালপাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন জেহাদী

August 25, 2022 11:51 am · নীলমণি শৰ্মা, দুধনৈ

গোৱালপাৰাত পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন জেহাদী৷গোৱালপাৰা তথা দুধনৈ আৰক্ষীৰ জালত আন এটা জেহাদী৷

যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে যোগীঘোপাৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুছ ছোৱাহান ওৰফে আব্দুছ চৌহানক । পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা জেহাদী ৰেকিব, গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা ইমাম আব্দুছ ছোভান আৰু পলাতক হৈ থকা জাকিৰ নামৰ আন এটা জেহাদীৰ সৈতে বৰপেটাৰ হাউলীত এক গোপন ঠাইত আলোচনাত মিলিত হৈছিল আৰু তাতেই আজি গ্ৰেপ্তাৰ হোৱা আব্দুছ ছোৱাহান ওৰফে আব্দুছ চৌহানে অল কাইদাত (AQIS) যোগ দিছিল ৷

দুধনৈ থানাত জেৰা অব্যাহত ৰখা ইমাম আব্দুছ ছোভানৰ স্বীকাৰোক্তিৰ ভিত্তিতে বঙাইগাঁৱৰ যোগীঘোপাৰ বেলতলীৰ পৰা গোৱালপাৰা আৰক্ষীয়ে কৰায়ত্ত কৰে জেহাদীটোক।

ধৃত আব্দুছ ছোৱাহানৰ ঘৰ গোৱালপাৰাৰ গোবিন্দপুৰত ৷

Related News