NORTHEAST NOW (Assamese)
দেশ

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ: পুনৰ কাশ্মীৰী পণ্ডিতক হত্যা সন্ত্ৰাসবাদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2022 7:22 pm
Kashmiri Pandit Killed

সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থকা নিৰন্তৰ অভিযানৰ মাজতে আজি দক্ষিণ কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী কাশ্মীৰী পণ্ডিতে। কাশ্মীৰৰ শ্বপিয়ান জিলাত সংঘটিত হৈছে এই হত্যাকাণ্ড।

শ্বপিয়ানৰ চৌধুৰী গুণ্ড গাঁৱত আজি দুপৰীয়া পুৰাণ কৃষ্ণ ভাট নামৰ এগৰাকী কৃষকক তেওঁৰ বাসগৃহৰ কাষতে আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে।

সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা ভাটক শ্বপিয়ান চিকিৎসালয়লৈ লগে লগে লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

কাশ্মীৰ আৰক্ষীয়ে এক টুইট যোগে এই হত্যাকাণ্ডৰ বিষয়ে সদৰী কৰিছে। আৰক্ষীয়ে লগতে এই হত্যাকাণ্ডৰ পাছতে ঘটনা সংঘটিত হোৱা এলেকা ঘেৰাও কৰে বুলি জানিবলৈ দিছে।

উল্লেখ্য যে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছৰে পৰা কাশ্মীৰত কাশ্মীৰী পণ্ডিত তথা প্ৰব্ৰজনকাৰী লোকসকলৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে।

যোৱা বৰ্ষৰ অক্টোবৰৰ পৰা সন্ত্ৰাসবাদীৰ গুলীত কেইবাগৰাকীও সাধাৰণ লোকে প্ৰাণ হেৰুৱাইছে। নিৰাপত্তাৰ সংশয়ত ভুগা কাশ্মীৰী পণ্ডিত সকলে ৰাজপথত প্ৰতিবাদত নামিছে।

আজি সংঘটিত হত্যাকাণ্ডই এই সাধাৰণ নাগৰিকসকলৰ নিৰাপত্তা নিশ্চিত কৰাত গৃহ মন্ত্ৰালয় চূড়ান্তৰূপত ব্যৰ্থ হোৱা বুলি পুনৰ এবাৰ প্ৰমাণিত হৈছে।