NORTHEAST NOW (Assamese)
অসম

আন এক অভিলেখৰ অপেক্ষাত ভাৰতীয় অধিনায়ক বিৰাট কোহলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2019 4:57 pm
Virat Kohli

আন এক নতুন অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত অৱতীৰ্ণ হ’ব ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী।

কম সময়ত শতৰাণৰ পাহাৰ গঢ়া কোহলী টেষ্টত আৰু এটা শতৰাণ অৰ্জন কৰিব পাৰিলেই স্পৰ্শ কৰিবলৈ সক্ষম হ’ব অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ অধিনায়ক হিচাপে কৰা শতৰাণৰ সংখ্যাক।

ৰিকি পণ্টিঙে অধিনায়ক হিচাপে ১৯ টা শতৰাণ কৰাৰ বিপৰীতে কোহলীয়ে বৰ্তমানলৈ অধিনায়ক হিচাপে ১৮ শতৰাণ অৰ্জন কৰিছে।

আজিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত শতৰাণ কৰিব পাৰিলেই কোহলীয়ে পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰি অধিনায়ক হিচাপে সৰ্বাধিক টেষ্ট শতৰাণৰ তালিকাত যুটীয়াভাৱে পণ্টিঙৰ সৈতে দ্বিতীয় স্থানত থাকিব।

এই ক্ষেত্ৰত ২৫ টা শতৰাণেৰে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথ প্ৰথম স্থানত আছে।

উল্লেখযোগ্য যে, ভাৰতীয় অভিনায়ক বিৰাট কোহলীয়ে এই পৰ্যন্ত টেষ্টত মুঠ ২৫ টা শতৰাণ কৰিছে।

ৰিকি পণ্টিঙ আৰু গ্ৰেম স্মিথ দুয়োগৰাকী অধিনায়কে ইতিমধ্যে অৱসৰ লৈছে গতিকে এই ক্ষেত্ৰত যিহেতু বিৰাট কোহলীৰ এতিয়াও বহু বছৰ ক্ৰিকেট খেলিবলৈ বাকী আছে অনাগত দিনত কোহলীয়ে অতি সহজে গ্ৰেম স্মিথকো অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।