NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ টোলপ্লাজা নীতি; মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ এখন টোল প্লাজাৰ জন্ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2020 8:46 am
চৰকাৰৰ টোলপ্লাজা নীতি; মঙলবাৰৰ দিনটোত ৰাজ্যত পুনৰ এখন টোল প্লাজাৰ জন্ম

ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ ওপৰত স্থাপন হোৱা টোল প্লাজাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মঙলবাৰৰ দিনটোত ৰাজ্যত আন এখন নতুন টোল প্লাজাৰ সংযোজন ঘটিল।

ডিমা হাছাও জিলাৰ মানদাৰডিছাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত এখন টোল প্লাজা মঙলবাৰৰ পৰা মুকলি হৈছে।

ডিমা হাছাও জিলাৰ ইনৰিম বাংলোৰ পৰা জাতিংগা আৰু জাতিংগাৰ পৰা হাৰংগাজাও আদিলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথছোৱা অতি শোচনীয় অৱস্থাত থকাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মুকলি কৰা কাৰ্য্যত স্থানীয় নাগৰিক সকল ক্ষোভিত হৈ পৰিছে।

চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পুৰ্ণ নকৰাকৈ কেবল মাত্ৰ ধন সংগ্ৰহ কৰাৰ স্বাৰ্থত চৰকাৰখনে টোল প্লাজা সমূহ গঢ়ি তোলাত উৎসাহ যোগাইছে বুলি স্থানীয় নাগৰিক সকলে অভিযোগ কৰে।

মানদাৰডিছাৰ সাধাৰণ জনতাই বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বৃদ্ধি পোৱা টোল প্লাজাক লৈ চৰকাৰ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে।

বিগত বৰ্ষত কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰিৰ ওচৰতো এখন বৃহৎ টোল প্লাজা গঢ় লৈ উঠিছিল।