NORTHEAST NOW (Assamese)
অসম

জনসাধাৰণক সংবিধানৰ মূল্য জনোৱাৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2020 6:54 am
716832d9-3abc-4afe-a54e-2ce8fb7b9a79

জনসাধাৰণক সংবিধানৰ মূল্য পুনৰবাৰ সোঁৱৰাই দিয়াৰ উদ্দেশ্যে গণতন্ত্ৰ দিৱসৰ দিনাই গুৱাহাটীত সংবিধান সুৰক্ষা দিৱস অনুষ্ঠিত কৰিব নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতিয়ে।

শুকুৰবাৰে গুৱাহাটীৰ হেদায়েৎপুৰস্থিত NCP ৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে বিশিষ্ট বুদ্ধিজীবী ড০ হীৰেণ গোহাঁইয়ে।

‘অহা ২৬ জানুৱাৰিত সংবিধান সুৰক্ষা দিৱস পালন কৰা হ’ব। এই সংবিধানে গণতান্ত্ৰিক ধাৰা বৰ্তাই ৰাখিছে। সংবিধান খনে এনে এক ব্যৱস্থা দাঙি ধৰিলে যি ব্যৱস্থাৰ জৰিয়তে শাসন কৰিলে জনতাৰ মঙ্গল হ’ব।’ সংবাদমেলত গোহাঁইয়ে কয়।

উক্ত দিনটোত গুৱাহাটীৰ আমবাৰীস্থিত লক্ষীধৰ বৰা ক্ষেত্ৰত ১১ বজাত সংবিধান সুৰক্ষা দিৱস অনুষ্ঠিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

‘যি ধৰণৰ শাসন চলিছে সংবিধানৰ মূল্য ৰাইজে পাহৰি পেলাইছে। নামত থকা সংবিধানৰ মূল্য ৰাইজৰ আগত দাঙি ধৰিবলৈ এই সংবিধান দিৱস।‘ সংবিধান দিৱসৰ লক্ষ্য উদ্দেশ্য দাঙি ধৰি গোহাঁইয়ে এইদৰে কয়।

ইপিনে, বিজেপি চৰকাৰখনে এক স্বৈৰাচাৰী আৰু জনবিৰোধী শাসন নীতি চলোৱা বুলি সদৰী কৰি গোহাঁইয়ে লগতে কয় ‘এনেকুৱা দিন আহিব যে এই সংবিধান নস্যাত কৰি চৰকাৰে নতুন সংবিধান প্ৰস্তুত কৰিব, এনে এক আশংকা হয়। অসম বাসীৰ ক্ষোভ প্ৰতিবাদৰ পাছতো কা আইনখন চৰকাৰে আমাৰ ওপৰত জাপি দিছে। আমাৰ চকুৰ সন্মুখতে গণতন্ত্ৰ লোপ কৰিব বিচৰা হৈছে।’

ইপিনে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই কৃষক নেতা অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য নেতাসকলক গ্ৰেপ্তাৰ কৰাটোৰ গৰিহনা দিয়ে বিশিষ্ট বুদ্ধিজীবীগৰাকীয়ে।

তেওঁ আৰু কয়, ‘নিয়াৰ গোচৰবোৰ অদ্ভুত গোচৰ। এইয়া আইনৰ অপপ্ৰয়োগ। কোনো চার্জশ্বীত নোহোৱাকৈ বছৰ বছৰ ধৰি আন্দোলনকাৰী নেতাক সন্ত্ৰাসবাদী সজাই জেইলত ভৰাই থৈছে।‘

আনহাতে, সমিতিৰ আন এজন আহ্বায়ক দেবেন তামুলীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক গ্ৰেপ্তাৰ কৰাটোক চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়ে।

‘এই আন্দোলন আৰম্ভ হোৱা দিন ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক ষড়যন্ত্ৰমূলকভাৱে নিয়াৰ গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰিছে। ২০২১ ৰ নিৰ্বাচনলৈকে কৃষক মুক্তিৰ নেতাৰ ওপৰত উৎপীড়ণ চলাই যাব বুলি সন্দেহ। এই কথাৰ গৰিহণা দিছো। ষড়যন্ত্ৰ বন্ধ কৰক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু অন্য নেতাক মুকলি কৰি দিবলৈ আহ্বান জনাইছো।‘ তামুলীয়ে এইদৰে কয়।