NORTHEAST NOW (Assamese)

দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা; বাসগৃহত তালাচী

February 8, 2020 9:15 am · এন ই নাও নিউজ
Updated: February 8, 2020 12:54 pm
অভিজিৎ ৰাভা। ফাইল ফটো: নৰ্থইষ্ট নাও

দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখা (ভিজিলেন্, এণ্ড এন্টি কৰাপশ্যন)ৰ এটা দলে শুকুৰবাৰে কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ গুৱাহাটী আৰু ডিফুৰ বাসভৱনত তালাচী চলায়।

দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই বৃহস্পতিবাৰে ৰাভাই অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকাৰ সময়ত ২০১১ৰ পৰা ২০১৭লৈকে সন্দেহজনক বিত্তীয় নগদ ধন জমা সন্দৰ্ভত প্ৰশ্ন কৰাৰ পাছত এই তালাচী চলোৱা হয়।

উক্ত সময়ছোৱাত ৰাভাৰ বেংক একাউন্টত ব্যক্তিগত ১ লাখৰ পৰা ৯১ লাখ টকা জমা হোলাৰ লগতে  ৪.১২ কোটিতকৈয়ো অধিক টকা জমা হৈছিল।

এই জমাৰ উৎস সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ৰাভাই কৈছিল যে তেওঁ  কামৰূপ জিলাৰ পাজিবিন্ধা গাঁৱত ১৬ বিঘা মাটিত খেতি কৰা ব্ৰুকলি বিক্ৰী কৰি ৪৫লাখ টকা পাইছিল।

ৰাভাই অৱশ্যে বাকী বৃহৎ অংকৰ ধন জমা হোৱাৰ সন্দৰ্ভত কোনো বাখ্যা আগবঢ়াব নোৱাৰিলে।

তেওঁ লগতে  উক্ত খেতি কৰা মাটি ক্ৰয়ৰ বাবে এগৰাকী স্থানীয় লোকৰ সৈতে হোৱা এখন চুক্তিপত্ৰৰ নথিও দাখিল কৰিছিল।

যেতিয়া এই দাবী পৰীক্ষা কৰা হয়, দেখা গৈছিল যে এয়া মিছা আৰু তেওঁৰ নামত কোনো মাটি নাছিল।

আন সাক্ষ্যই প্ৰমান কৰিছে যে তেওঁৰ সেই মাটিত কেতিয়াও ব্ৰুকলি খেতি নাছিল।

সংবাদ মাধ্যমৰ আগত দিয়া এক বিবৃতিত দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখাই কয়ঃ ‘’অভিজিৎ ৰাভাই তদন্তৰ সময়ত মিছা ভাষ্য দাঙি ধৰিছিল আৰু ব্ৰুকলি খেতিৰ পৰা ধন লাভ কৰা বুলি দিয়া বাখ্যাও মিছা।‘’

‘’তেওঁক এগৰাকী চৰকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বাবে এনে বৃহৎ ধন একাউন্টত জমা হোৱাৰ বিষয়ে তথ্য দাঙি ধৰিবলৈ পৰ্যাপ্ত সুযোগ দিয়া হৈছিল। কিন্তু তেওঁ তদন্তত সহযোগিতা কৰা নাছিল,’’-বিবৃতিটোত কোৱা হয়।

‘’তদন্তৰ সময়ত দেখা গৈছে যে অভিজিৎ ৰাভাই ২০১১ৰ পৰা ২০১৭ লৈকে ৪.১১ কোটিতকৈয়ো অধিক টকা অবৈধভাৱে আহৰণ কৰিছিল,’’-বিবৃতিটোত লগতে কোৱা হয়।

বিবৃতিটোত উল্লেখ কৰা হৈছেঃ ‘’সংশোধিত দুৰ্নীতি নিবাৰণ আইন,১৯৮৮ৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত দোষী।‘’

‘’বৰ্তমান কাৰ্বি আংলঙৰ ডিফুত প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাৰতীয় বন সেৱাৰ বিষয়া অভিজিৎ ৰাভাৰ বিৰুদ্ধে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰণ আইন,১৯৮৮ৰ ১৩(১)(বি)/১৩(২) ধাৰাৰ অধীনত ০১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে,’’-বিবৃতিটোত উল্লেখ কৰা হয়।

শুকুৰবাৰে তালাচীৰ সময়ত বিষয়াসকলে সম্পত্তিৰ লগত সম্পৰ্কিত নথি পত্ৰ, বেংক একাউন্ট আৰু এল আই চি সম্পৰ্কিত নথি, ৪টা লেপটপ আৰু ফোন জব্দ কৰে।

অভিযানকাৰী দলটোৱে লগতে ৫০টা ৱাকি টকিৰ উপৰি নগদ প্ৰায় ৬ লাখ টকাও জব্দ কৰে।

Related News