NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত আনন্দৰাম বৰুৱা বঁটা প্ৰদান

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ October 4, 2020 5:41 pm
Anundoram Borooah awards distributed in Margherita

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ১৪৬জন মেধাৱী ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰৰ তৰফৰ পৰা মাৰ্ঘেৰিটা প্ৰশাসনৰ উদ্যোগত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়।

আজি বিদ্যালয়খনিত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস , মাৰ্ঘেৰিটা পাবলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰীণা কুমাৰী খনিকৰ, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ভাঃ অধ্যক্ষ দেৱজিৎ সিনহা, সমাজকৰ্মী জ্যোতিষ ৰাই সোণ্দাষ লগতে স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তি।

মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা তিনিচুকীয়া জিলা অধিবিদ্যা পৰিষদৰ অমূল্য দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিধায়ক ভাস্কৰ শৰ্মাই চৰকাৰৰ আঁ‌চনিৰ লগত সংগতি ৰাখি যি সকল ছাত্ৰ ছাত্ৰীয়ে এই বঁ‌টা গ্ৰহণ কৰিছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে লেপটপৰ যোগেদি কৰিব লগা কৰণীয়খিনি সুকলমে সম্পন্ন কৰি এক সুন্দৰ ভৱিষ্যত গঢ় দিব পাৰে তাৰ কামনা কৰে।

বৰ্তমান অনলাইন ক্লাছ সমূহ চলি আছে আৰু যি সকলে এই বঁটা লাভ কৰিছে তেওঁ লোকে ক্লাছ সমূহ কৰাত অধিক সুবিধা হ’ব।

তদুপৰি এইবাৰ প্ৰদান কৰা লেপটপত কেইবাটাও নতুন এপ সংযোজিত কৰা বুলি জানিব পৰা গৈছে।

বঁ‌টাপ্ৰাপ্ত এগৰাকী ছাত্ৰীয়ে এইদৰে ছাত্ৰ ছাত্ৰী সকলক বঁ‌টা প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় যে এইবাৰ প্ৰদান কৰা লেপটপত যি সমূহ নতুন এপ সংযোজন কৰিছে ইয়ে ছাত্ৰ ছাত্ৰী সকলৰ উন্নত শিক্ষাৰ বাবে যথেষ্ট সহায়ক হ’ব।