NORTHEAST NOW (Assamese)
Popular Stories

অতি শীঘ্ৰে বিৰাট-অনুষ্কাৰ সংসাৰলৈ আহি আছে নতুন আলহী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 2:26 pm

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু বলিউডৰ জনপ্ৰিয় নায়িকা অনুষ্কা শৰ্মাৰ জীৱনলৈ অতি শীঘ্ৰে আহিব নতুন আলহী।

অহা বছৰৰ জানুৱাৰিত বিৰাট আৰু অনুষ্কাই পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিব।

ক্ৰিকেটাৰ কোহলী আৰু অনুষ্কা শৰ্মাই নিজৰ নিজৰ ফেইচবুক, ইনষ্টাগ্ৰাম আৰু টুইটাৰযোগে এই কথা শ্বেয়াৰ কৰে।

কোহলীয়ে পত্নী অনুষ্কাৰ সৈতে উঠা এটা ফটো আজি ৰাতিপুৱা শ্বেয়াৰ কৰি লিখে, ‍‘আৰু তেতিয়া, আমি তিনি আছিলো! ২০২১ জানুৱাৰিত আহি আছে’।

ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰাৰ পিছতে বি চি চি আইয়েও ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলী আৰু অনুষ্কা শৰ্মাক শুভেচ্ছা জনায়।

অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ বাবে বৰ্তমান বিৰাট কোহলী য়ু এ ইত আছে আৰু পত্নী অনুষ্কা শৰ্মা মুম্বাইতে আছে।

সংবাদ মাধ্যমত সৰ্বাধিক চৰ্চিত বিৰাট আৰু অনুষ্কাই ২০১৭ চনৰ ১১ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল।