NORTHEAST NOW (Assamese)
অসম

প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ মুকলি সমৰ্থন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 2, 2019 10:15 pm
Anusuchita Jati

নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈলে মুকলি সমৰ্থন আগ বঢ়াইছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। পৰিষদৰ সভাপতি ৰুবুল দাসে ৰহাত এখন সংবাদমেলযোগে আজি এই ঘোষণা কৰে।

“প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি আমাৰ বিশেষভাৱে সমৰ্থন আছে”, সংবাদমেলত এই মন্তব্য কৰে দাসে।

ইপিনে প্ৰদ্যুৎ বৰদলৈক সমৰ্থন জনোৱাৰ কাৰণ বাখ্যা কৰি দাসে কয়, “প্ৰদ্যুৎ বৰদলৈয়ে অনুসূচিত জাতিৰ সমস্যা তথা দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে তথা লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।”

তেওঁ আৰু কয়, “যোৱা ৩০ আৰু ৩১ মাৰ্চত ৰহাত অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনত দুটা কথা সাংসদ প্ৰাৰ্থীৰ পৰা জানিব বিচাৰিছিলো। সেই উদ্দেশ্যে আমি নিমন্ত্ৰণ জনাইছিলো নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থীসকলক। আমি তেওঁলোকক সুধিব বিচাৰিছিলো আমি তেওঁলোকক কিয় ভোট দিব লাগে? তথা সাংসদ হৈ তেওঁলোকে আমাৰ বাবে কি কৰিব?”

কিন্তু নগাওঁ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বাহিৰে অন্য আটাইবোৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা নকৰিলে।

অৱশ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি অভিৱৰ্তনৰ শেষৰ দিনা মুকলি সভালৈ আহি থকা সময়তে প্ৰচণ্ড ধুমুহা দিয়াৰ বাবে আধা বাটৰ পৰা উলটিব লগীয়া হ’ল বুলি জানিব পৰা গৈছে।

“অনুষ্ঠানত উপস্থিত থকা বাদেই আমি অৱতাৰণা কৰা অনুসূচিত জাতিৰ আৱেগ জড়িত থকা প্ৰশ্নকেইটাৰ উত্তৰো দিব নোৱাৰিলে সাংসদ হ’বলৈ ওলোৱা প্ৰাৰ্থীসকলে।” দাসৰ মন্তব্য।

দাসে লগতে কয়, “লক্ষণীয় কথা যি বিজেপি দলে নগাঁৱত হোৱা বিসম্বাদ প্ৰতিৰোধ কৰিব পৰা নাই, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বুজনি দিব পৰা নাই, প্ৰফুল্ল মহন্তক পতিয়ন নিয়াব নোৱৰা সেই বিজেপি দলে আমাক কেনেকৈ বুজাব বা দাবীসমূহ পূৰণ কৰিব?”

তদুপৰি, বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁট তথা এআইয়ুডিএফৰ সাম্প্ৰদায়িকতাক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত বিকল্প দল বা প্ৰাৰ্থীক ভোট দিবৰ বাবে আহ্বান জনায় দাসে।

আনহাতে, নগাওঁ লোকসভা সমষ্টিত অনুসূচিত জাতিৰ প্ৰায় ১ লাখ ৩২ হাজাৰ ভোটাৰ আছে। এই ভোটাৰসমূহৰ ৪০ হাজাৰ ভোট কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব বুলি দাসে দাবী কৰে।

উল্লেখযোগ্য যে, কিছুদিন আগতে সংগঠটোৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী ভৱেন বৰুৱাৰ প্ৰতিও পূৰ্ণ সমৰ্থন থকা বুলি সদৰী কৰিছিল।