NORTHEAST NOW (Assamese)
অসম

ভোটাৰক ভাবুকি : মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ December 8, 2018 8:59 pm
Chandra Mohan

৭ ডিচেম্বৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰৰোচনামূলক মন্তব্য আৰু ভীতি প্ৰদৰ্শন কৰা বুলি আজি বিজেপিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগত অভিযোগ দিয়ে।

ৰিপুণ বৰাৰ নেতৃত্বত যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়-ববীয়াৰ এটা দলে এই অভিযোগ দাখিল কৰে।

অভিযোগ পত্ৰখনত উল্লেখ কৰা মতে, ৭ ডিচেম্বৰত বিজেপিৰ মন্ত্ৰীজনৰ নিজৰ সমষ্টি ধৰ্মপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অতি প্ৰৰোচনামূলক মন্তব্য দিছিল।

“উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰৰ নামত ভোটাৰক ভয়-ভাবুকি প্ৰদান কৰাৰ লগতে ব্লেকমেইলিং কৰি নিৰ্বাচনী আচৰণ বিধিৰ চূড়ান্ত উলংঘন আৰু অৱমাননা কৰিছে।” এইদৰে কোৱা হয় অভিযোগ পত্ৰখনত।

দলটোৱে মন্ত্ৰীজনৰ এই কাৰ্য্যক গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি চূড়ান্ত ভেঙুচালি আৰু অপমান বুলি অভিহিত কৰে।

APCC Complains
অসম প্ৰদেশ কংগ্ৰেছৰ অভিযোগপত্ৰখন।

অভিযোগ মতে, মন্ত্ৰী পাটোৱাৰীয়ে কংগ্ৰেছ দলক নিৰ্বাচনত সমৰ্থন জনালে নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে সমৰ্থনকাৰীসকলক ভাড়াতীয়া গুণ্ডা লগাই হত্যা কৰা হ’ব। লগতে কংগ্ৰেছক ভোট দিলে চৰকাৰী চাকৰিয়ালসকলক বদলি কৰা হ’ব বুলিও মন্তব্য কৰে।

ইয়াৰোপৰি, মন্ত্ৰীজনে ‘আন দলৰ পৰা পঞ্চায়ত সভাপতি বা কাউন্সিলৰ জয়ী হ’লে কেনেকৈ কাম কৰে মই চাই ল’ম’ বুলিও ভাবুকি দিয়ে।

“মই যদি মুখ্য কাৰ্য্যবাহী বিষয়া, বি ডি অ’ক যদি কওঁ যে বেলেগ দলৰ সভাপতি, কাউন্সিলৰৰ কথা নুশুনিব, তেওঁলোকৰ কলিজা আছে নেকি মোৰ কথা অমান্য কৰিবলৈ।” এইদৰে কৈছিল মন্ত্ৰীজনে।

উল্লেখযোগ্য যে ৭ ডিচেম্বৰৰ সভাখনত উদ্যোগ মন্ত্ৰীজনে কৰা মন্তব্যবোৰক লৈ ছ’চিয়েল মিডিয়াতো সৰৱ চৰ্চা হৈ আছে। মন্ত্ৰীজনৰ এই ফেচিবাদী চৰিত্ৰক উত্তৰ ভাৰতৰ ৰাজনীতিকসকলৰ সৈতে মিল আছে বুলি আখ্যা দিছে ছ’চিয়েল মিডিয়া য়ুজাৰে।