NORTHEAST NOW (Assamese)
Popular Stories

বাঘজানৰ অগ্নিকাণ্ডৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া : ৰিপুন বৰা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 10, 2020 9:04 pm
RipunBora-1140x570

বাঘজানৰ তেল খাদত যি জুই লাগিল তাৰ বাবে কেন্দ্ৰীয় চৰকাৰক, বিশেষকৈ পেট্ৰলিয়াম মন্ত্ৰ্যালয়, অইল ইণ্ডিয়া আৰু ৰাজ্য চৰকাৰক সম্পূৰ্ন জগৰীয়া কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

আজি কৌৰ কমিটীৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ৰিপুন বৰাই বাঘজানৰ ঘটনাকলৈ অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

অইল ইণ্ডিয়া আৰু পেট্ৰলিয়াম মন্ত্ৰালয়ে বাঘজানৰ ঘটনাটো গুৰুত্বসহকাৰে লোৱা নাই বুলি উল্লেখ কৰি বৰাই কয়, ’১৪ দিন আগৰ পৰা গেছ নিৰ্গত হৈ আছে। তেওঁলোকৰ অভিযন্তাসকলে এনেদৰে গেছ নিৰ্গত হৈ থকাটো কিমান ভয়াবহ সেই কথা জানে। আমি বাৰম্বাৰ দাবী কৰিছো তাত গেছ নিৰ্গত হৈ নদীৰ পানী বিসাক্ত হৈছে, মাছ মৰিছে, জীৱজন্তু মৰিছে এই ঘটনা বিলাক হৈ আছে’।

‘এতিয়া তেওঁলোক ডিজিটেল কেম্পেইনত ব্যস্ত হৈছে। মানুহ মৰি শেষ হৈ গৈছে। অসম শেষ হৈ গৈছে। নিৰ্বাচনৰ নামত, কোভিডৰ নামত ৰাজনীতি কৰি থাকিব। ৰাজ্য চৰকাৰ নিৰ্বাচনৰ চিন্তাত আছে বাবে বাঘজানৰ ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই৷‘ তেওঁ কয়।

অসম প্ৰদেশ কংগ্ৰেছৰ দাবী প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপত শীঘ্ৰে পেট্ৰলিয়াম মন্ত্ৰী ইয়াত আহিব লাগে।

আনহাতে এই ঘটনাত ক্ষয় ক্ষতি হোৱা লোক সকলক উচিত ক্ষতিপূৰন দিয়াৰ লগতে  পৰিয়ালৰ লোকক সংস্থাপন কৰি ক্ষতিপূৰন দিৱ লাগিব বুলি দাবী কৰে ।