NORTHEAST NOW (Assamese)
অসম

‘কংগ্ৰেছৰ চৰকাৰ হ’লে ঘৰে ঘৰে এটাকৈ চাকৰি; ১২০ ইউনিটলৈকে দিব নালাগে বিদ্যুতৰ বিল’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 1, 2021 9:07 pm
APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment

২০২১ বৰ্ষৰ প্ৰথম দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰে সৈতে ৰাজীৱ ভৱনত মত বিনিময় কৰি ২০২১ ত কংগ্ৰেছ চৰকাৰ হ’লে কি কি উন্নয়ন কৰিব বা সমস্যা সমাধান কৰিব তাৰ এক নমুনা উল্লেখ কৰে। তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল:

  • ‘কংগ্ৰেছৰ চৰকাৰ হ’লে ঘৰে ঘৰে এটাকৈ চাকৰি প্ৰদান কৰা হ’ব। যিসকল লোকৰ পৰিয়ালত এটাও চাকৰি নাই সেই পৰিয়ালক চৰকাৰী অথবা বে-চৰকাৰী খণ্ডত একোটাকৈ চাকৰি প্ৰদান কৰা হ’ব।
  • কংগ্ৰেছৰ চৰকাৰ হ’লে কৃষকৰ কৃষি ঋণ, মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া হ’ব। বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ ফলত কৃষকে উৎপাদিত সামগ্ৰীৰ নুন্যতম মূল্যটোও লাভ কৰিব পৰা নাই। যাৰ ফলত কম দামতে বজাৰত তেওঁলোকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব লাগে। সেয়.এহে ২০২১ ত কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো কৃষকৰ কৃষি ঋণ মাফ কৰি দিয়াৰ সিদ্ধান্ত লৈছো।
  • ইতিমধ্যে, ৰাজস্থান, চত্তিশগড় আৰু মধ্যপ্ৰদেশত কৃষকৰ কৃষি ঋণ ইতিমধ্যে মাফ কৰি দিয়া হৈছে।
  • ৰাজ্যত মাইক্ৰ’ ফাইনেন্সে বিশেষকৈ মহিলাসকলক ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বেয়াকৈ হাৰাশাস্তি কৰিছে। বহুতে গৰু ছাগলী, সোণৰ গহনা বিক্ৰী কৰি ঋণ পৰিশোধ কৰিবলগীয়া হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। ২০২১ ত কংগ্ৰেছৰ চৰকাৰ হ’লে মাইক্ৰ’ ফাইনেন্সৰ এই সকলোখিনি ঋণ পৰিশোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
  • দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে ৰাহুল গান্ধীৰ ন্যায় আঁচনিৰ অসমত ৰূপায়.ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰত্যেকটো বিপিএল কাৰ্ড থকা পৰিয়ালক এই ন্যায় আঁচনিৰ জৰিয়তে ৭৫০০ টকাকৈ প্ৰদান কৰা হ’ব।
  • ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিপিএল আৰু মধ্যবিত্ত পৰিয়ালক ১২০ ইউনিটলৈকে বিদ্যুত মাছুল ৰেহাই দিয়া হ’ব। যাৰ ফলত প্ৰায় ৫৮ লাখ পৰিয়াল লাভৱান হ’ব।