NORTHEAST NOW (Assamese)
অসম

কৃষি আইনৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 28, 2020 6:22 pm

কৃষি আইন ২০২০ৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে এই কৃষক বিৰোধী আইন বাতিলৰ দাবীৰে আজি কান্ধত নাঙল-যুঁৱলী লৈ প্ৰতিবাদ সাব্যস্ত কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

শতাধিক লোকৰ উপস্থিতিত চচলত প্ৰতিবাদ সাব্যস্ত কৰে APCC য়ে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই আইনক ক’লা আইন আখ্যা দি এই আইন বাতিল নোহোৱা পৰ্য্যন্ত আন্দোলন-প্ৰতিবাদ চলাই নিব বুলি হুংকাৰ প্ৰদান কৰে।

ইয়াৰ উপৰি বিৰোধীৰ প্ৰতিবাদ বা মন্তব্যক গুৰুত্ব নিদি ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৰিপুন বৰাই।

“বিশ্বৰ সমগ্ৰ গণতান্ত্ৰিক দেশে মোদীৰ গণতন্ত্ৰ বিৰোধী নীতিৰ একেমুখে ধিক্কাৰ দিছে। তেওঁ মানৱ অধিকাৰ খৰ্ব কৰিছে। বিৰোধীৰ মতক উপেক্ষা কৰি অগণতান্ত্ৰিকভাৱে বিধেয়ক আইনত পৰিণত কৰিছে”, মোদীক কটাক্ষ কৰি ৰিপুন বৰাই কয়।

দেশৰ গণতন্ত্ৰ একেবাৰে খৰ্ব হৈছে বুলিও বৰাই উল্লেখ কৰে।

ইপিনে, এই অৱস্থান ধৰ্মঘটৰ পাছতেই ৰাজ্যপালক সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই এই কৃষি আইনৰ বিৰোধিতা কৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।