NORTHEAST NOW (Assamese)
অসম

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 28, 2021 8:29 pm

Social Media ত অধিক শক্তিশালী হোৱাৰ প্ৰয়াস কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল প্ৰদেশ কংগ্ৰেছৰ Social Media Control room বা ৱাৰ ৰুম।

আজি মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সত এই কোঠা মুকলি কৰে জাতীয় কংগ্ৰেছৰ Social Media বিভাগৰ অধ্যক্ষ ৰোহন গুপ্তা, প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু সভাপতি ৰিপুন বৰাই।

২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ আই. টি চেলৰ বিৰুদ্ধে যুজঁ দিব এই social মিডিয়া টিমে।

ছ’চিয়েল মিডিয়া কন্ট্ৰ’ল ৰুম মুকলি কৰি এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰোহন গুপ্তাই কয় ‘আমাৰ এই ছ’চিয়েল মিডিয়া কন্ট্ৰ’ল ৰুম আমাৰ কৰ্মীসকলৰ দ্বাৰা পৰিচালিত হ’ব। বিজেপিৰ দৰে আমি ডিভাইড এণ্ড ৰোল নকৰো।‘

ইপিনে বিজেপিৰ ছ’চিয়েল মিডিয়া ‘পেইড এজেন্সি’ৰ বুলি দাবী কৰি গুপ্তাই লগতে কয় ‘আমাৰ কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিফলতা ভ্ৰষ্টাচাৰসমূহ গাঁৱে-ভুঞে লৈ যাব। পৰৱৰ্তী সময়ত বুথ পৰ্য্যায়ত ছ’চিয়েল মিডিয়াৰ যোদ্ধা প্ৰস্তুত কৰা হ’ব।‘

‘কংগ্ৰেছক অসমৰ জনতাই আশীৰ্বাদ দিব বুলি বিশ্বাস আছে। এইবাৰ কংগ্ৰেছৰ জয় হ’ব আৰু কংগ্ৰেছৰ জয় মানে অসমৰ জয়।‘ গুপ্তাই এইদৰে কয়।

ইপিনে, পূৰ্বৰে পৰা প্ৰদেশ কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া সক্ৰিয় আছিল যদিও ২১ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অধিক শক্তিশালী ৰূপত ৱাৰ ৰুমৰ পৰা কাম-কাজসমূহ চলিব বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।