NORTHEAST NOW (Assamese)
Popular Stories

এপলৰ চিইঅ’ টিম কুকৰ পদত্যাগঃ কুকৰ স্থলাভিষিক্ত জন টাৰ্নাছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2026 2:32 pm

যোৱা সোমবাৰে, ২০ এপ্ৰিলত এপল কোম্পানীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বিশ্বৰ আগশাৰীৰ আইফোন নিৰ্মাতা কোম্পানীটোৰ নতুন চিইঅঅৰ্থাৎ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে হাৰ্ডৱেৰৰ মুৰব্বী জন টাৰ্নাছক নিযুক্তি দিয়া হৈছে। বৰ্তমানৰ চিইঅটিম কুকে এই পদৰ পৰা আঁতৰি যোৱাৰ পিছতে তেওঁ কোম্পানীটো পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত প্ৰসাৰৰ সময়ত কোম্পানীটোক নতুন দিশত আগুৱাই নিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

জন টাৰ্নাছে ২০০১ চনতেই এপলত যোগদান কৰিছিল। শেহতীয়াকৈ তেওঁ কোম্পানীটোৰ হাৰ্ডৱেৰ অভিযান্ত্ৰিক বিভাগটো চোৱাচিতা কৰি আছিল। এপলৰ মেক কম্পিউটাৰৰ দৰে সামগ্ৰীৰ বিক্ৰী পুনৰ বৃদ্ধি কৰাত তেওঁ এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আনহাতে, ২০১১ চনৰ পৰা এপলৰ সফলতাৰে নেতৃত্ব দি অহা টিম কুকে এতিয়াৰে পৰা কোম্পানীটোৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে কাম কৰিব বুলি এক বিবৃতিত প্ৰকাশ কৰা হৈছে।

এই পৰিৱৰ্তনৰ জৰিয়তে এপলে এক নতুন ধৰণৰ নেতৃত্বৰ সূচনা কৰিছে। এপলক বিশ্বব্যাপী এক বৃহৎ ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাত সহায় কৰা যোগান শৃংখলৰ গুৰু টিম কুকৰ সলনি এতিয়াৰে পৰা ডিজাইন আৰু প্ৰডাক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া জন টাৰ্নাছৰ হাতলৈ কোম্পানীটোৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰযুক্তি পৰামৰ্শদাতা প্ৰতিষ্ঠান ক্ৰিয়েটিভ ষ্ট্ৰেটেজিছৰ চিইঅবেন বাজাৰিনে উল্লেখ কৰা অনুসৰি, জন টাৰ্নাছক এপলৰ ভিতৰত সকলোৱে বহুত ভাল পায় আৰু তেওঁ কোম্পানীটোলৈ এক নতুন আৰু সতেজ শক্তি কঢ়িয়াই আনিব।

ইয়াৰ লগতে এপলে আন এক নতুন নিযুক্তিৰ কথাও প্ৰকাশ কৰিছে। কোম্পানীটোৰ কাষ্টম চিপ আৰু চেন্সৰৰ ডিজাইনৰ দায়িত্বত থকা জনী শ্ৰৌজীক বৰ্তমান এপলৰ মুখ্য হাৰ্ডৱেৰ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।