NORTHEAST NOW (Assamese)
অসম

চাৰ্জাৰ নিদিয়াৰ বাবেই ১৫কোটি টকাৰ জৰিমনাৰ সন্মুখীন এপ’ল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2021 8:35 am
WhatsApp Image 2021-03-22 at 7.52.59 AM

বিজ্ঞাপনত মিছা তথ্য দাঙি ধৰা, চাৰ্জাৰ অবিহনেই ফোন বিক্ৰী আৰু অন্যায় নীতি আৰোপৰ অপৰাধত প্ৰযুক্তি সংস্থা এপ’লক ২০ লাখ ডলাৰ অৰ্থাৎ ১৪.৪ কোটি টকাৰ জৰিমনা বিহা হৈছে।

ব্ৰাজিলৰ এটা উপভোক্তা অধিকাৰ সংস্থাই এই জৰিমনা বিহিছে।

বাতৰি অনুসৰি, চাও পাওলোৰ সৰবৰাহ কৰা আইফোন ১২ৰ সৈতে কোনো চাৰ্জাৰ দিয়া নাই এপ’ল।

প্ৰক’ন-এছ পি নামৰ ব্ৰাজিলৰ গ্ৰাহক সুৰক্ষা সংস্থাটোৱে কৈছে যে তেওঁলোকৰ পৰা চাৰ্জাৰ অবিহনে ফোন ক্ৰয় কৰিলে দাম কমিব নে নাই জানিব বিচৰা হৈছিল।

কিন্তু সংস্থাটোৱে এই বিষয়তকোনো উত্তৰ নিদিলে। সেয়েহে, এই জৰিমনা বিহা হৈছে।

প্ৰক’ন-এছ পিয়ে স্পষ্ট কৰি দি কৈছে যে এপ’লে নিশ্চিতভাৱে উপভোক্তা অধিকাৰ আইন মানি চলিব লাগিব।

আনহাতে, আমেৰিকাৰ প্ৰযুক্তি সংস্থা এপ’লৰ পক্ষৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।