NORTHEAST NOW (Assamese)
অসম

৯ সহস্ৰাধিক টেট শিক্ষকক নিযুক্তি শিক্ষামন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 28, 2020 3:09 pm
tet

শুকুৰবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৯,৬৩৫ গৰাকী টেট উত্তীৰ্ণ শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰে।

কোভিড প্ৰটকলৰ প্ৰতি লক্ষ্য ৰাখি  শীৰ্ষ ৩০০ গৰাকী শিক্ষকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি  শিক্ষামন্ত্ৰীগৰাকীয়ে কয় ‘শিক্ষক নিযুক্তিৰে ৰাজ্যৰ খালী হৈ থকা শিক্ষক পদ সমূহ পূৰণ কৰি বিদ্যালয়সমূহক এক নতুন গতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে চেষ্টা চলাইছে।”

“পূৰ্বে শিক্ষা বিভাগত সংঘটিত হৈছিল ব্যাপক অনিয়ম। সাক্ষাত্‍কাৰ অবিহনেই বহুতে লাভ কৰিছিল শিক্ষকৰ চাকৰি। সেইসময়ত বিধায়ক ৰাজনীতিক মন্ত্ৰী আমোলাই নিযুক্তি প্ৰদান কৰিছিল, কিন্তু এতিয়া সেই দিন নাই।” এইদৰে কয় হিমন্তই।

ইপিনে, নতুকৈ নিযুক্তি লাভ কৰা সকলক গংগাৰ পানীৰ দৰে পবিত্ৰকৈ নিযুক্তি লাভ কৰিছে বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে।

তদুপৰি, ভাষণ প্ৰসংগতে  মন্ত্ৰীয়ে ৭ চেপ্তেম্বৰৰ পৰা নতুন শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰি লগতে কয় “অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫০,০০০ নিযুক্তি দিয়া হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলক ৰাজনীতি, নিৰ্বাচনৰ সভা সমিতিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায় হিমন্তই।

তেওঁ আৰু কয় ” শিক্ষকসকল গঙ্গাৰ মানস পুত্ৰ হৈ থাকিব।”

ইয়াৰোপৰি,  বিভিন্ন সময়ত টেট শিক্ষক সকলে বদলিৰ বাবে কৰা আহ্বানত অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ।

মন্ত্ৰী গৰাকীয়ে আৰু কয় ” ১ লাখ ৫০ হাজাৰ ৪২৬গৰাকী ব্যক্তিৰ হাতত নিযুক্তি পত্ৰ তুলি দি ইতিহাসত মই থাকি গলো ”।