NORTHEAST NOW (Assamese)

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বহিঃ জিলাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াকলৈ প্ৰতিবাদ

June 27, 2020 5:12 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে চিকিৎসালয় চৌহদ।

শনিবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নলবাৰী, মংগলদৈ, শুৱালকুচিৰ পাঁচজন যুৱক চতুৰ্থ-বৰ্গৰ পদৰ নিযুক্তিপত্ৰ লৈ উপস্থিত হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। ইয়াকে লৈ চিকিৎসালয়খনত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দীৰ্ঘদিন ধৰি কাম কৰি থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত আৰু নিয়মীয়াকৰণ কৰা তথা  দৰমহা বৃদ্ধিৰ দাবীত আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চতুৰ্থ-বৰ্গৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দীৰ্ঘদিন ধৰি সামান্য পাৰিশ্ৰমিকেৰে চিকিৎসালয়খনত সেৱা আগবঢ়াই অহা এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰি চৰকাৰে অন্য জিলাৰ পৰা আন কৰ্মচাৰী নিযুক্তি দিয়াত তেওঁলোক শংকিত হৈ পৰিছে।

ইপিনে স্থানীয় বাসিন্দাক বঞ্চিত কৰি অন্য জিলাৰ যুৱক-যুৱতীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নিযুক্তি দিয়া কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ দল-সংগঠন।

ক’ৰ’না মহামাৰীৰ সময়ত বিজেপি চৰকাৰে কেনেকে নতুনকৈ নিযুক্তি দিব পাৰিলে বুলি প্ৰশ্ন কৰে বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই। ২৪ ঘণ্টাৰ ভিতৰত এইসকল কৰ্মচাৰীৰ সমস্যা সমাধান কৰিবলৈ বীৰ লাচিত সেনাই দাবী জনায়।

Related News