NORTHEAST NOW (Assamese)
অসম

ধৃত ৩১জন বাংলাদেশীক আদলতত হাজিৰ; ৪জনক ৪ দিনৰ আৰক্ষীৰ জিম্মাত, ৬জনক শিশু সংশোধনী গৃহলৈ

Posted by: অনিৰ্বাণ পাঠক October 16, 2018 6:58 pm

১৫ অক্তোবৰত গুৱাহাটী ৰেইল ষ্টেইশ্যনৰ পৰা ৰেইল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩১জন সন্দেহজনক বাংলাদেশীক আজি কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলত হাজিৰ কৰোৱা হয়।

কালিৰ পৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছিল সন্দেহজনক বাংলাদেশীকেইজনক। আজি আদালতলৈ নিয়াৰ সময়ত দলটোৰ শিশু, মহিলাসকলক কান্দি কান্দি আদালতত প্ৰৱেশ কৰা দেখা গ’ল।

আদালতে আজি ইয়াৰে ৪জনক ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে। আন ২৭ জনৰ ৬টি শিশুক শিশু সংশোধনী গৃহলৈ প্ৰেৰণ কৰে। বাকীকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ জিম্মাত দিয়াকেইজনৰ নাম হাচান বিশ্বাস, ছুলেমান ছৰোৱাৰ, মহমদ জামান, আৰু মহমদ বাবু। তেওঁলোকক ২০ অক্তোবৰত পুনৰ আদালতত হাজিৰ কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে।

উল্লেখযোগ্য যে বেংলোৰ এক্সপ্ৰেছৰ যোগে বাংগালোৰৰ পৰা আহি গুৱাহাটীত প্ৰৱেশ কৰিছিল সন্দেহজনক বাংলাদেশীক লোককেইজনে। আৰক্ষীয়ে জনোৱামতে, সন্দেহজনক নাগৰিককেইজনৰ ঘৰ বাংলাদেশৰ দক্ষিণ অংশৰ বাগেৰহাট জিলাত। তেওঁলোক প্ৰায় ২/৩ বছৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰিছিল আৰু বাংগালোৰত সৰু সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰি আছিল।

১৫ অক্তোবৰত তেওঁলোকে কাঞ্চনজংঘা এক্সপ্ৰেছত আগৰতলালৈ যোৱাৰ কথা আছিল আৰু তাৰ পৰা বাংলাদেশলৈ ঘূৰি যোৱাৰ পৰিকল্পনা কৰিছিল।