NORTHEAST NOW (Assamese)
Popular Stories

অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ সংৰক্ষণ লাভ কৰি APS হৈছিল সন্দীপন গাৰ্গঃ তদন্তৰ দাবী অজাপ নেতা উদ্দীপ জ্যোতি গগৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 1:39 pm

কেনেকৈ EWS (অৰ্থনৈতিক ভাৱে পিছপৰা শ্ৰেণী) সংৰক্ষণ লাভ কৰি আৰক্ষীৰ উচ্চ পদত চাকৰি পাইছিল সন্দীপন গাৰ্গে? ইয়াৰ তদন্ত হব লাগে বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ নেতা উদ্দীপ জ্যোতি গগৈয়ে। গগৈৰ দাবী, যিহেতু সন্দীপনৰ পিতৃ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এক প্ৰতিষ্ঠানৰ পৰা দৰমহা পাইছিল সেয়েহে ইয়াৰ তদন্ত হোৱাটো উচিত৷

উল্লেখ্য যে বৰ্তমান বকো সমজিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ। সন্দীপনো জুবিন গাৰ্গৰ মৃত্যুৰ দিনা ছিংগাপুৰত উপস্থিত আছিলপ্ৰাপ্ত তথ্য অনুসৰি জুবিন গাৰ্গৰ সৈতে বিলাসী জাহাজত সাগৰলৈ যোৱা দলটোৰো সদস্য আছিল অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া সন্দীপন গাৰ্গ। স্মৰ্তব্য যে, ২০২০-২০২১ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত অসম আৰক্ষী সেৱাত ৬০ সংখ্যক স্থান লাভ কৰা সন্দীপনৰ ঘৰ ডিব্ৰুগড় জিলাৰ নামৰূপত। জানিব পৰা মতে, সন্দীপনৰ পিতৃ বিজু মোহন বৰঠাকুৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডত কৰ্মৰত আছিল। সন্দীপনে অৰুণাচল প্ৰদেশস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সাং কৰিছিল৷